1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 12:49 am

জীৱন্ত হোৱাৰ পিছতো নিজৰ নামৰ আগত প্ৰয়াত লিখাৰ কাৰণ কি?

  • Update Time : Wednesday, April 3, 2024

এগৰাকী মৃত ব্যক্তি অথচ তেওঁ জীৱন্ত। নিখিলেশ নামৰ ব্যক্তিজনৰ কাহিনী শুনিলে আচৰিব হ’ব আপুনিও। আগ্ৰাৰ বাসিন্দা প্ৰয়াত নিখিলেশ এগৰাকী সম্পূৰ্ণভাৱে সমাজৰ প্ৰতি সমৰ্পিত। স্বাস্থ্য আৰু পথ সুৰক্ষাৰ বিষয়ে মানুহক সজাগ কৰাই যেন
তেওঁৰ উদ্দেশ্য। যাত্ৰা কৰা সময়ত হেলমেট পৰিধান কৰিবলৈ সজাগ কৰিছিল জনসাধাৰণক। কিন্তু আচৰিত নহয়নে যিজন ব্যক্তি জীয়াই আছে, জনসাধাৰণক সজাগ কৰি তুলিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে সেইজন ব্যক্তি মৃত কেনেকৈ হব
পাৰে? এই সন্দৰ্ভত যেতিয়া তেওঁক প্ৰশ্ন কৰা হৈছিল যে কিয় আচলতে তেওঁক মৃত বুলি জনা যায় বা কিয় তেওঁ নামৰ আগত প্ৰয়াত ব্যৱহাৰ কৰে? এই প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে আধ্যাত্মিকতাত যোগদান কৰা পিছতে তেওঁৰ জীৱন
সলনি হৈছিল। আধ্যাত্মিকতাত যোগদান কৰি তেওঁ উপলব্ধি কৰিছিল যে স্বৰ্গ আৰু নৰক সকলো কৰ্মৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে কিন্তু সিদ্ধান্ত লোৱা নহয়। স্বৰ্গ আৰু নৰক ঠিক ইয়াতেই এই পৃথিৱীত আছে। সেয়ে তেওঁৰ ৰচনাৰ
আধাৰত তেওঁৰ নামৰ আগত প্ৰয়াত উপাধি সংযোজন কৰে। তেওঁৰ নাম যেতিয়া কোনোবাই প্ৰথমবাৰৰ বাবে শুনে তেতিয়াই তেওঁ থতমত খাই উঠে। আৰু নিখিলেশৰ কাহিনী জানিবলৈ ইচ্ছা কৰে। লাহে লাহে এতিয়া যেন যথেষ্ট বিখ্যাত
হৈ পৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme