প্ৰসিদ্ধ মিছাইল মানৱ,বৈজ্ঞানিক আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালাম আজাদে কৈছিল- আপুনি আপোনাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰে কিন্তু আপোনাৰ অভ্যাস সলনি কৰিব পাৰে আৰু এই সলনি হোৱা অভ্যাসে এদিন আপোনাৰ ভৱিষ্যত সলনি কৰি দিব পাৰে৷ নিজৰ জীৱনটোক সফলতাৰ দিশলৈ আগবঢ়াই নিবলৈ আব্দুল কালামে কোৱা এই ৫টা কথা সদায় মনত ৰাখক-
১. ‘ৰাতিপুৱা শুই উঠিয়েই এটা দীঘল উশাহ লৈ কওঁক যে মই সকলোতকৈ ভাল আৰু মোৰ দৰে এই পৃথিৱীত কোনো নাই’৷ এতিয়া কথা হ’ল সকলোতকৈ ভাল কেনেকৈ হ’ব? ইয়াৰ অৰ্থ এয়ে যে এজন মানুহৰ কাম কাজ নিৰ্ভৰ কৰে তেওঁৰ চিন্তা আৰু ভাৱনাৰ ওপৰত, প্ৰতিদিনে যেতিয়া এজন লোকে নিজকে ভাল বুলি অনুভৱ কৰিব, ভাৱিব তেতিয়াই তেওঁ সদায় ভাল কাম কৰিবলৈ মানস কৰিব৷ প্ৰত্যেক দিনা এটা এজন মানুহে যিটো শুনিয়ে থাকিব, ভাবিব আৰু চিন্তা কৰিব সেইটোকে মনটোৱে বিশ্বাস কৰিব৷
২. ‘মই এইটো কৰিব পাৰিম’৷ এই পৃথিৱীত ব্যক্তিৰ সপোন থাকে কিন্তু সপোন কিমানজনৰ পূৰণ হয়? মাত্ৰ ১০ শতাংশ লোকেই নিজৰ সপোন পূৰ কৰিবলৈ সক্ষম হয়৷ যিকোনো এটা কাম কৰাৰ আগত সদায় ভাবিব যে আপুনি সেই কামটো কৰিব পাৰিব৷
৩. ‘ভগৱান সদায় মোৰ লগত আছে’৷ মানুহৰ জীৱনৈ যেতিয়া বিপদ আহে, দুৰ্যোগ আহে তেতিয়া মানুহে ভাবে যে তেওঁক ভগৱানে সহায় কৰা নাই বা ভগৱান তেওঁৰ পক্ষত নাই৷ মনত ৰাখিব ভগৱানে যি কৰে ভালৰ বাবে কৰে৷
৪. ‘মই এজন বিজয়ী’৷ জীৱনৰ সমস্যা সদায় থাকিব, ভাল বেয়া সদায় থাকিব, জয় পৰাজয় থাকিবই৷ এবাৰ পৰাজয় হলেই বহুজনে হাৰি গৈছে বুলি থমকি যায়৷ মনত ৰাখিব বিফলতাৰ পিছতহে সফলতাৰ সুখ অনুভৱ কৰিব পাৰি গতিকে চেষ্টা এৰি নিদিব৷
৫. ‘আজি দিনটো মোৰ’৷ মনত ৰাখিব সফলতা সদায় পোৱা নাযায়৷ সেইবুলি দৈনিক কৰা কামবোৰ বেয়াকৈ কৰিব নেকি? প্ৰত্যেক ৰাতিপুৱাই আগৰ দিনবোৰৰ সফলতা খিনিক মনত পেলাই বিফলতা খিনিক পাহৰি মনতে ভাবিব লাগিব যে আজিৰ দিনটো তেওঁৰ আৰু তেনে চিন্তাধাৰা আৰু আত্মবিশ্বাস লৈ দৈনিক কৰ্ম কৰি গলেহে সফলতা লাভ কৰিব৷