আমাৰ চাৰিওকাষে এনে বহুলোক আছে যিবোৰ মানুহে আমাক মুখেৰে যদিও ভাল হয় দেখাই ভিতৰি কিন্তু আপোনাক ভাল নাপায়। তেনে মানুহক
আমাৰ জীৱনত ৰখাতকৈ আঁতৰাই ৰখাই মংগলজনক। জানি লওঁক কেনেকৈ চিনাক্ত কৰিব তেনে মানুহবোৰক
. তেনেধৰণৰ মানুহবোৰে আপোনাৰ সৈতে কথা পাতিলে আপোনাৰ চকুলৈ নাচায় অৰ্থাত্ যিবোৰ মানুহে আপোনাক ভিতৰি বেয়া পায় তেওঁ আপোনাৰ চকুলে নোচোৱাকৈ কথা পাতিব।
. যিবোৰ মানুহে আপোনাৰ সৈতে কথা পাতিলে কেৱল আপোনাৰ প্ৰশ্নৰহে উত্তৰ দিয়ে তাৰ সলনি আপোনাক কোনো ধৰণৰ প্ৰশ্ন নকৰে।
. আপুনি কোনো কথা কৈ থকা অৱস্থাত তেওঁ যদি মাজতে মাতি আপোনাৰ কথাত বাধা দিছে তেন্তে বুজিব আপোনাৰ প্ৰতি তেওঁৰ ভাল ভাৱ নাই বুলি।
. আপুনি ধৰক কোনো হাঁহি উঠা কথা কৈছে, কিন্তু তেওঁ সেই কথাত হাঁহিব খোজা নাই তেন্তে তেওঁৰ মনোভাৱৰ কথা আপুনি বুজিব পাৰিব।
. আপোনাৰ যিকোনো কথাত তেওঁ বিৰোধিতা কৰে, আপোনাক হিনমান্যতাত ভোগাব বিচাৰে তেনে মানুহবোৰে আপোনাৰ প্ৰতি ভাল ভাৱ ৰকা নাই বুলি বুজিব।