1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 1:41 pm
Trending:
ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল!

জলপানৰ সলনি যেতিয়া আমি ‘Breakfast’ শব্দ ব্যৱহাৰ কৰো, তেতিয়াই আমি মাতৃভাষাক অপমান কৰো৷ তেনেস্থলত মাতৃভাষা দিৱসৰ প্ৰাসংগিকতা কিমান?

  • Update Time : Wednesday, February 21, 2024

আজি ২১ ফেব্ৰুৱাৰী, সমগ্ৰ বিশ্বতেই আজিৰ দিনটোত প্ৰতিবছৰে পালন কৰা হয় আন্তজাৰ্তিক মাতৃভাষা দিৱস। আন্তজাৰ্তিক মাতৃভাষা দিৱসে এজন ব্যক্তিৰ মাতৃভাষাই এগৰাকী ব্যক্তিৰ পৰিচয় নিৰূপণ কৰাত সহায় কৰে বুলি কোৱা হয়। সভ্যতা আৰু সংস্কৃতিৰ মেৰুদণ্ড স্বৰূপ হৈছে মাতৃভাষা। একোটা জাতি তথা এখন সমাজৰ বাবে দাপোনস্বৰূপ মাতৃভাষা। মাতৃভাষা দিৱস কিয় পালন কৰা হয় বুলি যদি প্ৰশ্ন কৰা হয় তেন্তে হয়তো সেই প্ৰশ্নৰ উত্তৰ দি শেষ নহব।
নিজৰ মাতৃভাষাৰ বহুল প্ৰচলনৰ বাবে, মাতৃভাষাৰ সংৰক্ষণৰ বাবে, মাতৃভাষাৰ স্বকীয়তাৰ স্বীকৃতিৰ বাবে পালন কৰা হয় আন্তজাৰ্তিক মাতৃভাষা দিৱস।
এই বিশেষ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছচিয়েল মিডিয়া যোগে জনাই আন্তজাৰ্তিক মাতৃভাষা দিৱস। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে, ‘প্ৰতিগৰাকী ব্যক্তিৰে নিজ মাতৃভাষা স্বাভিমান স্বৰূপ। যি ভাষাত দেখোঁ সপোন, যি ভাষা মোৰ আইৰ ভাষা, যি ভাষাক লৈ গৌৰৱান্বিত হৈ পৰোঁ বাৰে বাৰে, সেই মাতৃভাষা মোৰ আপোনৰো
আপোন। আজি আন্তজাৰ্তিক মাতৃভাষা দিৱসত সকলো মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাৰ আশাৰে উষ্ম শুভকামনা জ্ঞাপন কৰিলোঁ’।
উল্লেখ্য যে, ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ তথা বহুভাষাবাদৰ বিষয়ে সজাগতা সৃষ্টিক উদগনি যোগাবৰ বাবে প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰী দিনটোক আন্তজাৰ্তিক মাতৃভাষা দিৱস হিচাপে পালন কৰা হয়। ১৯৯৯ চনৰ ১৭ নৱেম্বৰত ইউনেস্কোই প্ৰথম এই দিৱসৰ কথা ঘোষণা কৰে। ১৯৯৯ চনত এই দিৱসৰ কথা ঘোষণা কৰা পিছত ২০০০ চনত ৰাষ্ট্ৰসংঘৰ সদস্য দেশসমূহে ২১ ফেব্ৰুৱাৰীক যথাযথ মৰ্যদাৰে পালন কৰে এই দিনটো৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme