1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 10:49 am

‘জয়মতী’ বোলছবিয়ে অতিক্ৰম কৰিলে ৮৯ বছৰীয়া সুদীৰ্ঘ যাত্ৰা

  • Update Time : Sunday, March 10, 2024

‘জয়মতী’ প্ৰথমখন অসমীয়া বোলছবি। অসমীয়া চলচ্চিত্ৰৰ বাটকটীয়া তথা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মহান অৱদান ‘জয়মতী’য়ে আজি অতিক্ৰম কৰিলে ৮৯টাকৈ বৰ্ষ। ১৯৩৫ চনৰ ১০ মাৰ্চ অৰ্থাৎ আজিৰ দিনটোতে চিত্রবন ষ্টুডিঅ’ত চিত্ৰগ্ৰহণ কৰা, ‘চিত্ৰলেখা মুভিটোন’ৰ বেনাৰত নিৰ্মাণ কৰা প্ৰথমখন অসমীয়া চিনেমা ‘জয়মতী’য়ে মুক্তি লাভ কৰিছিল। আজিৰ দিনটোত কলকাতাত মুক্তি দিয়া হৈছিল ‘জয়মতী’ ছবিখন। আইদেউ সন্দিকৈয়ে এই ছবিত মূল নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল। ১৯৩৩ চনত ছবিখনৰ কাম আৰম্ভ কৰা হয় আৰু মুক্তি দিয়া হয় ১৯৩৫ চনত। ‘জয়মতী’য়ে আছিল প্ৰথম ভাৰতীয় কথাছবি য’ত Dubbing আৰু Re-recording technologyৰ ব্যৱহাৰ কৰা হৈছিল। অৱশ্যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি, আইদেউ সন্দিকৈৰ জয়মতী হিচাপে দুৰ্দান্ত অভিনয় তথা সমাজৰ নিয়মক প্ৰত্যাহ্বান জনোৱা, বিভিন্ন কলা-কৌশল, চিত্ৰবন ষ্টুডিঅ’ নির্মাণ ইত্যাদি ইমান সহজ নাছিল। তথাপিও ভাৰতবৰ্ষৰ তৃতীয়খন সবাক ছবি হিচাপে জয়মতীয়ে অসমীয়া তথা স্থানীয় চলচিত্ৰ উদ্যোগটোক বৰ্তমানৰ ৰূপ দিয়াত মাইলৰ খুঁটি হিচাপে কাম কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme