1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:15 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

জন উইক’ নিৰ্মাতাই ক্ৰয় কৰিলে কৰণ জোহৰৰ ‘কিল’ ছবিৰ হলিউডৰ ৰিমেক ৰাইট।

  • Update Time : Sunday, July 7, 2024

একচন চিনেমাৰ অনুৰাগীসকলে আনৰ লগতে কৰণ জোহৰৰ প্ৰযোজক নিখিল নাগেশ ভাটৰ পৰিচালিত Kill ৰ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থকাৰ সময়তো সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ছবিখনৰ হলিউডৰ পুনৰ্নিৰ্মাণ হ’ব।
লক্ষ্য, ৰাঘৱ জুৱাল, আশীষ বিদ্যাৰ্থী, হৰ্ষ ছায়া, আৰু তন্যা মণিকতালা আদি চৰিত্ৰত অভিনয় কৰা Kill যোৱা বছৰ টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল। ছবিখনৰ নিৰ্মম গ্রাফিক একচন ছিকুৱেন্সে সমালোচকৰ পৰা বহু প্রশংসা লাভ কৰিছিল৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি জন উইকৰ পৰিচালক আৰু ইয়াৰ পৰৱৰ্তী ছিকুৱেল চাড ষ্টেহেলস্কিৰ নেতৃত্বত গঠিত প্ৰডাকচন কোম্পানী ৮৭এলেভেন এণ্টাৰটেইনমেণ্টে হলিউডৰ ৰিমেক কিল ৰ প্ৰযোজনা কৰিব।
‘কিল’ বছৰৰ অন্যতম শ্ৰেষ্ঠ একচন ছবি, আৰু একচন অনুৰাগীসকলে এইখনক নিজৰ ৰাডাৰত ৰখাটো প্ৰয়োজন বুলি চিজিমেগাজিনত ছবিখনৰ পৰ্যালোচনাত কোৱা হৈছিল। ৫জুলাইত বিশ্বজুৰি পৰ্দাত মুক্তি লাভ কৰা কৰণ জোহৰৰ একচন-পেকড ‘কিল’ ৰিমেকৰ বাবে সাজু। লক্ষ্য, তনয়া মণিকতালা, আৰু ৰাঘৱ জুৱালে অভিনয় কৰা ছবিখনে হাই অক্টেন ৰোমাঞ্চৰ প্ৰতিশ্ৰুতি দিছে। বহু প্ৰত্যাশিত মুক্তিৰ পূৰ্বে নিৰ্মাতাসকলে ঘোষণা কৰে যে ‘জন উইক’ ফ্ৰেঞ্চাইজিৰ নিৰ্মাতাসকলে ছবিখনৰ হলিউডৰ পুনৰ্নিৰ্মাণৰ অধিকাৰ লাভ কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme