কাৰেণ্ট ট্ৰেণ্ড অসম, পলিটিকেল ডেস্ক- ১২ বছৰ ধৰি গৌৰৱ গগৈৰ পত্নীয়ে ভাৰতীয় নাগৰিকত্ব ল’বলৈ অস্বীকাৰ কৰা বিষয়টোই কেৱল ৰাজ্যতেই নহয় দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে এই সন্দৰ্ভত পুনৰ সৰৱ হোৱা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক। নতুন দিল্লীত থকা পাকিস্তান উচ্চাযুক্তৰ কাৰ্যালয়ত গৌৰৱ গগৈৰ এখন পুৰণি ফটো ৰাজহুৱা কৰি সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে কয়- ‘বিৰোধী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ সৈতে এনে উচ্চ পৰ্যায়ৰ বৈঠকৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অনুমোদন আৰু বৈঠকৰ পাচত ইয়াৰ বিতং বৰ্ণনাৰ প্রয়োজন হয়। ৰাজনীতিতকৈ ৰাষ্ট্ৰীয় নিৰাপত্তাই যিহেতু সদায়েই প্রাথমিক অগ্রাধিকাৰ পাব লাগে, আশা কৰো সাংসদগৰাকীয়ে সেই সময়ত এই অত্যাৱশ্যকীয়’ চর্তসমূহ সম্পূর্ণকে মানি চলিছিল।’ মুখ্যমন্ত্রীয়ে আৰু কয়- ‘২০১৫ চনৰ কথা। ভাৰতস্থ পাকিস্তানৰ উচ্চাযুক্ত আব্দুল বাছিতে নতুন দিল্লীত পাকিস্তানৰ উচ্চায়ুক্ত কাৰ্যালয়ত ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰথম কার্যকালৰ এগৰাকী নৱাগত সাংসদ আৰু তেওঁৰ ষ্টার্টআপ ‘পলিচী ফৰ ইউথ’ক আমন্ত্রণ জনাইছিল। লক্ষণীয়ভাৱে, সেই সময়ত এই নতুন সাংসদজন বৈদেশিক পৰিক্ৰমাৰ সংসদীয় সমিতিৰো সদস্য নাছিল। সেয়ে এই বিশেষ আমন্ত্ৰণৰ আঁৰৰ উদ্দেশ্যক লৈ প্রশ্ন উত্থাপন হৈছিল। বিশেষকৈ হুৰিয়ৎ কনফাৰেন্সৰ সৈতে সম্পৃক্ত দেশৰ আভ্যন্তৰীণ বিষয়ত পাকিস্তানী উচ্চায়ুক্তৰ এনে হস্তক্ষেপৰ বিৰুদ্ধে ভাৰতে আনুষ্ঠানিকভাবে প্রতিবাদ কৰাৰ পাচতো সাংসদজনে এই আমন্ত্ৰণ ৰক্ষা কৰিছিল। এই সন্দৰ্ভত কেন্দ্ৰৰ উদ্বেগক আওকাণ কৰিও সাংসদগৰাকীয়ে ৫০-৬০ জন ভাৰতীয় যুৱকক লগত লৈ পাকিস্তানী বিষয়াবৰ্গক সাক্ষাৎ কৰিছিল। এই ঘটনাৰ পাচতে সাংসদজনৰ ষ্টার্টআপে ‘দা’ হিন্দু’ কাকতত এটা প্রবন্ধ প্রকাশ কৰি বাংলাদেশী অনুপ্ৰৱেশকাৰীক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সীমান্ত নিৰাপত্তা বাহিনীৰ ভূমিকাক কঠোৰ সমালোচনা কৰিছিল। তেওঁৰ -সেই সময়ৰ সংসদীয় প্রশ্নসমূহ পুংখানুপুংখভাৱে পৰীক্ষা কৰিলে কোষ্ট গার্ডৰ ৰাডাৰ স্থাপন, ভাৰতৰ অস্ত্ৰ কাৰখানা, বিমান প্ৰতিৰক্ষা, ইৰানৰ সৈতে বাণিজ্যৰ বাবে ট্রেনজিট পথ, কাশ্মীৰী ছাত্র-ছাত্রী আৰু গীর্জাত আক্ৰমণৰ অভিযোগ আদিৰ বিষয়ে অনুসন্ধানকে ধৰি অতি স্পর্শকাতৰ প্ৰতিৰক্ষা সম্পকীয় বিষয়সমূহে গুৰুত্ব বেছিকৈ পোৱাটো পৰিলক্ষিত হয়। এই প্ৰসংগই বাস্তৱিকতে অতি স্পৰ্শকাতৰ বিষয়সমূহৰ প্ৰতি তেওঁৰ অবাঞ্ছিত আগ্রহকেই প্রতিপন্ন কৰিছে। লক্ষণীয়ভাৱে এই সমগ্র ঘটনাপ্রবাহ তেওঁ ‘প্রফেছনেল বেকগ্রাউণ্ড’ থকা এগৰাকী ব্ৰিটিছ যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিচমুহূৰ্ততে ঘটিছিল আৰু সেয়ে স্বাভাৱিকতেই ই বিভিন্ন প্রশ্নৰ অৱতাৰণা ঘটাইছে। বিবাহৰ পূৰ্বে সাংসদজনৰ পত্নীয়ে পাকিস্তানী প্ৰতিষ্ঠানৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ বাবে বিশেষভাৱে পৰিচিত এজন আমেৰিকান চিনেটৰৰ বাবে কাম কৰিছিল আৰু পাচলৈ যথেষ্ট সময় পাকিস্তানতে কটাইছিল। তেওঁ পাক চোৰাংচোৱা সংস্থা আই এছ আইৰ ঘনিষ্ঠ বুলি পৰিচিত এটা সংস্থাত কৰ্মৰত আছিল। এই সমগ্র ঘটনাপ্রবাহ আৰু ঘটনাৰ সময়সূচীয়ে সাংসদগৰাকীৰ ৰাজনৈতিক স্থিতি আৰু পদক্ষেপ সন্দৰ্ভত আন এক অত্যন্ত সন্দেহজনক অধ্যায়ৰ সংযোজন ঘটনাইছে।’ ইফালে আন এক মন্তব্যত মুখ্যমন্ত্ৰীয়ে পুনৰ কয়- ‘২৬/১১ৰ. মুম্বাই আক্রমণে ভাৰতৰ উপকূলীয় সুৰক্ষা ব্যৱস্থাত থকা সুৰুঙা সমূহ উন্মোচিত কৰিছিল। সেই সম্পর্কে এগৰাকী সাংসদ সদস্যই সংসদত উত্থাপন কৰা প্ৰশ্ন নম্বৰ ২-ৰ জৰিয়তে উপকূলীয় ৰাডাৰ ষ্টেচনসমূহৰ সম্পৰ্কে বিশদ তথ্য বিচাৰিছিল। সাংসদগৰাকীৰ এই প্ৰশ্নৰ পাচত স্বাভাৱিকতে প্রশ্ন উত্থাপিত হৈছে অসমৰ দৰে ৰাজ্য এখনৰ সাংসদে কিয় উপকূলীয় ৰাডাৰ ব্যৱস্থা সন্দৰ্ভত ভাৰত চৰকাৰৰ পৰা গোপন তথ্য বিচাৰিছিল? এনে সংবেদনশীল তথ্য ৰাজহুৱা কৰাৰ কিবা প্রয়োজন আছে নেকি? পাকিস্তানৰ উচ্চাযুক্তৰ সৈতে বৈঠকৰ পাচতে সংসদত কিয় এনে প্রশ্ন উত্থাপন কৰা হৈছিল? পাকিস্তানৰ উচ্চাযুক্তৰ সৈতে বৈঠকৰ পাচতে সংসদত প্রশ্ন উত্থাপন কৰাৰ পাচতো ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগত জড়িত এনে এটা বিষয় কেৱল কাকতালীয় সংযোগ বুলি উপেক্ষা কৰাটো উচিত হ’ব জানো?’
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বই সদৰি কৰা এই তথ্যসমূহে দেশৰ ৰাজনীতিত খলকনিৰ সৃষ্টি কৰিছে, একেদৰে দেশৰ নিৰাপত্তা ব্যৱস্থাক লৈয়ো বিবিধ প্ৰশ্নৰ অৱতাৰণা হৈছে৷ কাৰণ পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে সাংসদ গৌৰৱ গগৈৰ পত্নীৰ সম্পৰ্ক থকাটো ইতিমধ্যে বিভিন্ন মাধ্যমত সবিস্তাৰে প্ৰকাশ পাইছে, একেদৰে ব্ৰিটিছ যুৱতীৰে বিয়াৰ পিচতে সংসদত ভাৰতৰ অস্ত্ৰ কাৰখানা, বিমান প্ৰতিৰক্ষাৰ তথ্য বিচৰা ঘটনাই সাংসদ গৌৰৱ গগৈৰ ওপৰতো দেশ বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ সন্দেহ ঘণীভূত হৈছে৷ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত হোৱা এই অভিযোগ যদি সাংসদ গৰাকীয়ে খণ্ডন কৰিব নোৱাৰে তেন্তে নিশ্চিত ভাৱে গৌৰৱ গগৈ আৰু গগৈৰ পত্নীক দেশদ্ৰোহী আখ্যা দিবলৈ কুণ্ঠাবোধ নকৰিব সাধাৰণ জনতাই৷