1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 12:22 am

জটিল ৰোগত আক্ৰান্ত ৰাজীৱ নাথ

  • Update Time : Tuesday, October 22, 2024

বাক্সাৰ ভেৱলা বুনবাৰীৰ দৰিদ্ৰ পৰিয়ালৰ ৰাজীৱ নাথ নামৰ লোকজন জটিল ৰোগত আক্ৰান্ত হৈছে। ৰাজীৱ নাথৰ আছে এটি ৪ বছৰীয়া কন্যা সন্তান। ৰাজীৱ নাথৰ মাতৃ-পত্নী তথা গাওঁবাসীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছে ৰাজীৱৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিবলৈ। কণমানি শিশুটোক পিতৃৰ পৰা বঞ্চিত হ’বলৈ নিদিবলৈ আহ্বান মুখ্যমন্ত্ৰী গৰাকীক। ৰাজীৱৰ মাতৃয়ে চাহ দোকানত কাম কৰি যোৱা ছমাহ ধৰি পৰিয়ালটো কোনোমতে চলাই আহিছে। উপাৰ্জন কৰা একমাত্ৰ ব্যক্তিগৰাকী জটিল ৰোগত আক্ৰান্ত হোৱাক এতিয়া সমস্যাত পৰিছে পৰিয়ালটো। ধনৰ অভাৱত উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ শয্যাগত হৈ আছে ৰাজীৱ। ৰাইজৰ লগতে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু ককলাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ মন্টু বড়োকো সহায়ৰ বাবে আহ্বান জনায় পৰিয়ালৰ লোকে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme