1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 8:24 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

‘ছালাম বম্বে’ৰ সৰু ল’ৰাজনৰ পৰা তাৰকা ইৰফান খান, ইৰফান বিহীন ২ বছৰ…

  • Update Time : Friday, April 29, 2022

ডিজিটেল ডেস্কঃ  ১৯৮৮ চন৷ মীৰা নায়াৰৰ চিনেমা ছালাম বম্বে৷ ছালাম বম্বে তেতিয়া সকলোৰে মুখে মুখে চৰ্চিত এখন চিনেমা৷ তাৰেই এটা চৰিত্ৰত এজন সৰু লৰা৷ বয়স হয়তো ১৮-২০ বছৰীয়া হ’ব৷ চিনেমাখন চাওঁতে বহুতৰে চকুত পৰিছেও, হয়তো পৰাও নাই সেই বিশেষ লৰাজন৷ কেই চেকণ্ডৰ বাবেহে লৰাজনক দেখা যায়৷ ৰাস্তাৰ কাষত বহি লৰাজনে অন্যৰ চিঠিসমূহ লিখাৰ কাম কৰে৷ তাতেই লৰাজনৰ এটা বিশেষ ডাইলগ, ‘হ’ব হ’ব ১০ লাইন লিখা হ’ল, আৰু লিখিবলৈ হ’লে ৫০ পইচা আৰু দিব লাগিব৷ মাৰ নাম এড্ৰেছ কওক?’

কেই চেকণ্ডৰ বাবে পৰ্দাত দেখি প্ৰায়সংখ্যকেি পাহৰি যোৱা লৰাজনেই আছিল ইৰফান খান৷ খুৱ কমসংখ্যকেই হয়তো ভাৱিছিল এই বিশেষ লৰাজনেই এদিন দেশৰ আগশাৰীৰ অভিনেতা হ’ব৷ ১৯৬৭ চনত এখন সৰু গাওঁত জন্মগ্ৰহণ কৰা ইৰফান খানে এক সাক্ষাৎকাৰত কৈছিল, ‘মিথুন চক্ৰবৰ্তীৰ চিনেমা মৃগয়া খুব চলিছিল, মৃগয়া চাই গাঁৱৰ একাংশই কৈছিল তোৰ চেহেৰা মিথুনেৰে মিল আছে৷ সেইদিনাই অভিনয়ৰ দিশে ঢাল খাইছিল মন৷ কিছুদিনলৈ নিজকে মিছুন সজাইয়ো ঘূৰি ফুৰিলো৷ যাত্ৰা তেতিয়াই আৰম্ভ হ’ল৷’

তাৰ পিছত কাহানিও থমকি ৰোৱা নাই ইৰফান৷ বলীউডৰ পৰা হলীউডলৈ ইৰফানৰ এটা যুগ৷ অস্কাৰ বিজয়ী চিনেমা শ্লামডগ মিলিয়লাৰকে ধৰি বহু আগশাৰীৰ চিনেমাত ইৰফানৰ বলিষ্ঠ অভিনয়৷ এই যাত্ৰাৰ উত্থান-পতনবোৰে কাহানিও টলাব নোৱাৰিছিল ইৰফানক৷ কিন্তু দুৰাৰোগ্য ৰোগে ইৰফানক আৰু সুযোগ নিদিলে৷

২০২০ চনৰ ২৯ এপ্ৰিল তাৰিখে চিৰদিনৰ বাবে স্তব্ধ হৈ পৰিল এটা যুগৰ৷ ৫৩ বছৰ বয়সতে সকলোৰে পৰা চিৰবিদায় মাগিলে তাৰকা ইৰফানে৷ ইৰফান খানৰ মৃত্যুৰ ২বছৰ, তেওঁৰ মৃত্যু তিথিত আজিও দেশবাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰিছে বলিষ্ঠ তাৰকা অভিনেতা ইৰফান খানক৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme