1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 8, 2025, 10:37 pm

ছাত্ৰ ছাত্ৰী সকলৰ পঢ়াৰ প্ৰতি মনোযোগ কেনেকৈ বৃদ্ধি কৰিব?

  • Update Time : Wednesday, May 1, 2024

ছাত্ৰ ছাত্ৰীয়ে যেতিয়াই এটি নতুন বছৰৰ পাঠ্যক্ৰম আৰম্ভ কৰে প্ৰথম কিছুদিন পঢ়াৰ উদ্যম বহুত বেছি থাকে কিন্তু লাহে লাহে এই উদ্যম কমি গৈ থাকে৷ প্ৰথমে ছাত্ৰ ছাত্ৰীৰ মনত এনেকুৱা লাগে যে তেওঁ প্ৰত্যেক দিনে ৬-৮ ঘন্টা পঢ়িব আৰু খুব সোনকালে পাঠ্যক্ৰম শেষ কৰি পেলাব৷ কিন্তু যেতিয়া পঢ়িবলৈ বহে মাত্ৰ ১০-১৫ মিনিটৰ ভিতৰতে বহু ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ পঢ়াৰ উদ্যম কমি যায়৷ এনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ মনোযোগৰ ওপৰত গুৰুত্ব দিবলৈ এইখিনি কথা মন কৰক-
১. পঢ়াৰ সময়ত মোবাইলটো যিমানেই পাৰে দূৰৈত ৰাখক আৰু পাৰিলে বন্ধ কৰি ৰাখক লগতে এখন ৰুটিন অনুসৰণ কৰি পঢ়াত বহক৷
২. পঢ়াৰ সময় ঠিক কৰি লওঁক৷ কিয়নো সকলো লৰা ছোৱালীৰ শাৰীৰিক মস্তিষ্ক একে নহয়, সেইবাবে সকলো ছাত্ৰই পঢ়ি ভালপোৱা সময় একে নহয়৷ ছাত্ৰ ছাত্ৰী সকলে নিজে ঠিক কৰি লওঁক তেওঁ ৰাতিপুৱা পঢ়িব নে আবেলি৷
৩. বিচনা পৰিহাৰ কৰক৷ বিচনাত বহি কিতাপ নপঢ়িব৷ বিচনাত বহি পঢ়িলেই অকণমাণ শুবলৈ মন যাব, টোপনি আহিব৷
৪. চিন্তা ভাৱনাৰ পৰা দূৰৈত থাকক৷ বহুতেই পৰীক্ষাৰ আগত যেতিয়া পঢ়িবলৈ লয় তেতিয়া নানা চিন্তা মূৰত সোমাই লয়৷ পঢ়াৰ সময়ত যিটি চিন্তা কৰাৰ পৰা বিৰত থাকিব লাগে৷
৫. পঢ়াক এটি খেললৈ ৰূপান্তৰ কৰি লওঁক৷ এই বুদ্ধিক Gamification বুলি কোৱা হয়৷ প্ৰথমে গোটেই বছৰৰ syllabus খিনি কেইটিমান বেলেগ বেলেগ লেভেলত ভাগ কৰি লওঁক যেনে- লেভেল ১, লেভেল ২, লেভেল ৩, লেভেল ৪ এনেদৰে৷ যিদৰে লৰা ছোৱালীয়ে মোবাইল গেম খেলে আৰু এটা এটা লেভেল লেভেল পাৰ কৰে তেনেকৈ প্ৰত্যেক ১৫ দিনৰ মূৰে মূৰে এই পাঠ্যক্ৰম খিনি পঢ়ি শেষ কৰি এটা এটা লেভেল পাৰ কৰক৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme