1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 2:54 pm
Trending:
আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу

চৰকাৰী বিষয়াৰ নিকৃষ্ট কাণ্ড, কিশোৰীৰ সৈতে অপকৰ্ম কৰাৰ পিচত ছাগলীৰ সৈতেও…

  • Update Time : Friday, August 16, 2024

এগৰাকী চৰকাৰী বিষয়াই ঘৰত প্ৰৱেশ কৰি ছবছৰীয়া দলিত কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আনকি চৰকাৰী বিষয়াগৰাকীয়ে নাবালিকাগৰাকীৰ ঘৰত বান্ধি থোৱা ছাগলীৰ লগতো অস্বাভাৱিক যৌন সম্পৰ্ক স্থাপন কৰা বুলি অভিযোগ উত্থাপন হৈছে।
শেহতীয়াকৈ উত্তৰ প্ৰদেশত এই ঘটনা সংঘটিত হৈছে। এই খবৰ পোহৰলৈ অহা মাত্ৰেই দেশৰ সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ
ইতিমধ্যে চৰকাৰী বিষয়াজনক নিলম্বন কৰি গ্ৰেপ্তাৰ কৰা হৈছে বুলিও বিভিন্ন মাধ্যমত খবৰ প্ৰকাশ পাইছে।
খবৰ অনুসৰি এই নিকৃষ্ট কাণ্ড সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বুলন্দচহৰত। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি অভিযুক্তৰ নাম গজেন্দ্ৰ সিং বুলি জানিব পৰা গৈছে। অভিযুক্তজন বুলণ্ডচহৰ শিকাৰপুৰ ব্লকৰ কৃষি উন্নয়ন বিষয়া। ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা সোমবাৰে সন্ধিয়া বিষয়াগৰাকীয়ে ঘৰত প্ৰৱেশ কৰি শিশুটিক ধৰ্ষণ কৰে।শিশুটিৰ পৰিয়ালৰ মতে গজেন্দ্ৰই প্ৰায়ে চৰকাৰী কামৰ বাবে সেই গাঁওখনলৈ গৈছিল। ঘটনা সংঘটিত হোৱাৰ দিনা পৰিয়ালৰ লোক ঘৰত নথকাৰ সুযোগত শিশুটিক ধৰ্ষণ কৰে কৃষি উন্নয়ন বিষয়া গজেন্দ্ৰই।
আৰক্ষীৰ সূত্ৰ অনুসৰি ইতিমধ্যে বিষয়াজনক চাকৰিৰ পৰা কৰি আৰক্ষীৰ জিম্মাত লোৱা হৈছে। এই সন্দৰ্ভত জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্লোক কুমাৰে কয়, “গজেন্দ্ৰই সোমবাৰে সন্ধিয়া ৫ বজাৰ ওচৰত ছোৱালীজনীৰ ঘৰত প্ৰৱেশ কৰে। ছোৱালীজনীৰ পৰিয়ালটো সি ইতিমধ্যে চিনি পাইছিল, গতিকে ঘৰত সোমাবলৈ তাৰ কোনো অসুবিধা হোৱা নাছিল। ইয়াৰ পিছতে শিশুটিক ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন হৈছে। চোতালত বান্ধি থোৱা ছাগলীটোকো ধৰ্ষণ কৰে অভিযুক্তই। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। গ্ৰেপ্তাৰ হোৱা ব্যক্তিজন যিহেতু চৰকাৰী বিষয়া, সেয়েহে তেওঁৰ বিৰুদ্ধে বিভাগীয় তদন্তও কৰা হ’ব। অভিযুক্তক ক্ষিপ্ৰ শাস্তি দিয়া হ’ব।”
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো এই অপৰাধৰ বিষয়ে অৱগত কৰা হৈছে। তেওঁ জিলা দণ্ডাধীশক ছোৱালীজনীৰ পৰিয়ালক লগ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে পৰিয়ালটোক ৮ লাখ ২৫ হাজাৰ টকা ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি দিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme