Current Trend Assam Sports Desk– যোৱা বুধবাৰে ডেভিড মিলাৰে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীত নিউজিলেণ্ডৰ বিৰুদ্ধে ৬৭ টা বলত শতক অৰ্জন কৰে।
ডেভিড মিলাৰ
ইয়াৰ লগে লগে অভিলেখ সৃষ্টি কৰে মিলাৰে৷ ইয়াৰ পূৰ্বে এই ৰেকৰ্ড প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ বীৰেন্দ্ৰ চেহৱাগৰ আছিল।
বীৰেন্দ্ৰ চেহৱাগ
চেহৱাগে ২০০২ চনত ইংলেণ্ডৰ বিৰুদ্ধে ৭৭ ৰানক শতক অৰ্জন কৰিছিল। আনহাতে চেহবাগৰ এই দ্ৰুততম শতকৰ দৰেই ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীত অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ জ’ছ ইংলিছে শতক অৰ্জন কৰিছিল৷
জছ ইংলিছ
ইংলিছে ইংলেণ্ডৰ বিৰুদ্ধে ৭৭ ৰানত শতক অৰ্জন কৰিছিল৷ এই তালিকাত নাম আছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শিখৰ ধৱনৰ৷
শিখৰ ধৱন
২০১৩ চনৰ চেম্পিয়নছ ট্ৰফীত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৮০ টা বলত শতক অৰ্জন কৰিছিল শিখৰ ধৱনে৷ শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ তিলকৰত্নে দিলচানো আছে এই তালিকাত৷
তিলকৰত্নে দিলচান
দিলচানে ২০০৯ চনৰ চেম্পিয়নছ ট্ৰফীত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৮৭ টা বলত শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল