1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 11:24 am
Trending:
আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে!

‘চেমখৰ’ উজলিছে আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত…

  • Update Time : Saturday, November 13, 2021

ডিজিটেল ডেস্কঃ অসমীয়া ছবিয়ে কঢ়িয়াইছে সুনাম। এখনৰ পিছত আনখন অসমীয়া ছবি জিলিকি উঠিছে আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। শেহতীয়াভাৱে ইফি আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছে এখন অসমীয়া ছবি। উত্তৰপূব ভাৰতৰ মহিলা পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথমখন ছবিয়ে আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পৰিচয় তুলি ধৰিছে অসমৰ। আইমী বৰুৱাই পৰিচালনা কৰা এখন বিশেষ ছবি জিলিকি উঠিছে আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত।

৫২ তম ভাৰতীয় আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি)ত আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হোৱা ১৫ খন ছবিৰ তালিকাত অন্তৰ্ভূক্ত হৈছে আইমী বৰুৱাৰ পৰিচালিত ‘চেমখৰ’ নামৰ ছবিখন। অসমৰ জনজীৱনক তুলি ধৰা এই ছবিখনক লৈ আশাবাদী এতিয়া পৰিচালক আইমী বৰুৱা।

উল্লেখ্য যে, ইফিত প্ৰতিযোগিতাৰ বাবে ‘চেমখৰ’ সহিতে অন্য ৩ খন ছবিও নিৰ্বাচিত হৈছে। ফিনলেণ্ড, পাৰাগুৱে, ৰোমানিয়া, জাপান, বাংলাদেশ আদি বহুকেইখন দেশৰ ছবিৰ সৈতে ‘চেমখৰ’-এ প্ৰতিযোগিতাত অংশগ্ৰহন কৰিব। ‘চেমখৰে’ অসমলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশাবাদী এতিয়া অসমৰ চলচ্চিত্ৰপ্ৰেমী ৰাইজো।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme