1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 10:30 am
Trending:
আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে!

‘চেমখৰ’ উজলিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত, আইমী বৰুৱালৈ বিশেষ সন্মান

  • Update Time : Monday, November 29, 2021

ডিজিটেল ডেস্কঃ গোৱাত অনুস্থিত ৫২ সংখ্যক ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়াত আইমী বৰুৱাৰ “চেমখৰ”লৈ Special Mention সন্মান প্ৰদান কৰা হৈছে। সদ্যসমাপ্ত ৫২ সংখ্যক ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়াত জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ দ্বাৰা অভিনীত আৰু পৰিচালিত ডিমাচা চলচিত্ৰ “চেমখৰ”লৈ Special Mention সন্মান আগবঢ়োৱা হৈছে।

ডিমাচা ভাষাৰ এই চলচিত্ৰখনৰ বিষয়ে ৫২ সংখ্যক ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলৰ সামৰণি অনুস্থানত ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে বিশেষ উল্লেখ কৰি কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে জনগোষ্ঠীয় চিন্তা আৰু সংস্কৃতিক বিশেষভাৱে গুৰুত্ব দিয়াৰ সময়ত অসমৰ এটা জনগোষ্ঠীৰ ওপৰত নৱাগত পৰিচালক আইমী বৰুৱাই এখন চলচিত্ৰ নিৰ্মাণ কৰাটো এক গৌৰৱৰ বিষয়। মন্ত্ৰীগৰাকীয়ে পৰিচালক অভিনেত্ৰী আইমী বৰুৱাক “চেমখৰ” চলচিত্ৰৰ বাবে অভিনন্দন জ্ঞাপন কৰে। আনহাতে চলচিত্ৰখন নিৰ্মাণ কৰাৰ সময়ত কৰা অশেষ কষ্ট আৰু ত্যাগৰ বাবেও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পৰিচালক গৰাকীক প্ৰশংসা কৰাও পৰিলক্ষিত হৈছে। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনত অনুস্থিত ৫২ সংখ্যক ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত Special Mention সন্মান লাভ কৰি পৰিচালক, অভিনেত্ৰী আইমী বৰুৱাই এই সন্মান উত্তৰ-পূব ভাৰতৰ সকলোৰে নামত উচৰ্গা কৰিছে। “চেমখৰ” নিৰ্মাণৰ সৈতে জড়িত আৰু ছৱিখনৰ নিৰ্মাণত সহায় আগবঢ়োৱা সকলোলৈকে অভিনেত্ৰীগৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme