1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 11:03 pm
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস

  • Update Time : Sunday, July 6, 2025

মানৱ দৰদী চিকিৎসক তথা পশ্চিম বঙ্গৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্ম দিন ১৮৮২চনৰ ১জুলাই দিনটো সমগ্ৰ ৰাষ্ট্ৰই ৰাষ্ট্ৰীয় চিকিৎক দিৱস হিচাপে পালন কৰি আহিছে । এইবাৰ চিকিৎসক ভাৰতীয় চিকিৎসক সন্থাই “উপশমকাৰীৰো উপশমৰ প্ৰয়োজন হয়” বাণীৰে ৰাষ্ট্ৰীয় চিকিৎক দিৱসটো ১জুলাইৰ পৰা সপ্তাহজোৰা কাৰ্য্যসূচীৰে পালন কৰিছে। এই উপলক্ষে আজি পুৱা ভাৰতীয় চিকিৎসক সন্থাৰ অসম শাখাই সন্থাৰ তেজপুৰ শাখাৰ সহযোগত তেজপুৰ শাখাৰ সহযোগত আই এম এ হাউছৰ পৰা এক খোজকঢ়া ( WALKATHON) কাৰ্য্যসূচী অনুষ্ঠিত কৰে। তেজপুৰৰ সংবাদাতাই যুগুতোৱা তথ্য অনুসৰি
শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত অঙ্কুৰ ভৰালীয়ে ফ্লেগ অফ কৰা উক্ত কাৰ্যসূচীত ভাৰতীয় চিকিৎসক সন্হাৰ জিলাখনৰ সকলো চিকিৎসক সদস্য,তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ চিকিৎসক অধ্যাপক ডাঃ পিনাকী চক্ৰৱতী প্ৰমুখ্যে চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসক,তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয় নাৰ্ছিং স্কুলৰ ছাত্ৰী,স্বাস্থ্য কৰ্মীয়ে অংশ গ্ৰহণ কৰে । উল্লেখ্যযোগ্য যে ভাৰতীয় চিকিৎসক সন্থাই মানৱ শৰীৰ সুস্থ ৰখাৰ বাবে ঔষধৰ লগতে নিয়মীয়াকৈ খোজ কঢ়া, যোগভ্যাস আৰু শাৰীৰিক ব্যায়ামৰ প্ৰয়োজনীয়তা অনুভৱ কৰি এইবাৰ FIT IMA:FIT INDA বাণীৰ অধীনত চিকিৎসক সকলৰ লগতে তেজপুৰৰ সাংবাদিক সকলৰ বাবে আজি বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষাৰ অধীনত তেজৰ সকলো পৰীক্ষা,হাড়ৰ ঘনত্বৰ পৰীক্ষা,হৃদযন্ত্ৰৰ পৰীক্ষা,যকৃত পৰীক্ষাকে ধৰি সকলো পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে বুলি ভাৰতীয় চিকিৎসক সন্হাৰ অসম শাখাৰ সম্পাদক ডাঃ অতুল কলিতাই সদৰি কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme