বিলাসীপাৰাৰ টোকৰাবান্ধাত সংঘটিত হৈছে আন এক লোমহৰ্ষক হত্যাকাণ্ড। এমাহ পূৰ্বে অতি নৃশংস ভাৱে হত্যা কৰি গাতত পুতি থোৱা বোৱাৰীৰ অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ হয় বিলাসীপাৰাৰ টোকৰাবান্ধা পাহাৰত। টোকৰাবান্ধা পাহাৰত মহানগৰীৰ ভৰলুমুখ আৰক্ষী, বিলাসীপাৰা আৰু চাপৰ আৰক্ষীৰ তীব্ৰ অভিযান চলাই উদ্ধাৰ কৰে ৰমেনা খাতুনৰ অৰ্ধগলিত মৃতদেহ । টোকৰাবান্ধা পাহাৰত JCB ৰে গাত খান্দি আৰক্ষীয়ে উদ্ধাৰ ৰমেনা খাতুনৰ অৰ্ধগলিত মৃতদেহ। জানিব পৰা মতে ৰমেনাৰ ঘৰ দক্ষিণ শালমাৰাৰ পাটাকাত। চাৰি বছৰ পূৰ্বে টোকৰাবান্ধা গাঁৱৰ ৰফিকুল ইছলাম নামৰ যুৱকৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল ৰমেনা খাতুন। বিবাহৰ পিছৰ পৰাই গুৱাহাটীত অটো চলাইছিল ৰফিকুলে। পিছত লটাৰী খেলৰ লগতো জড়িত হৈ পৰিছিল ৰফিকুল। বিগত এমাহৰ পৰা সন্ধানহীন হৈ আছিল ৰমেনা। পাষণ্ড ৰফিকুলে ভৰলুমুখ আৰক্ষী থানাত পত্নী নিৰুদ্দেশ হোৱা বুলি দাখিল কৰিছিল এজাহাৰ৷ এই লোমহৰ্ষক ৰমেনা হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত ভৰলুমুখ আৰক্ষীয়ে ৰফিকুলৰ ভাতৃ হাবিজুল সহ আটক কৰিছে কেইবাজনো লোকক। বৰ্তমান লৈ পলাতক দুধৰ্ষ ৰফিকুল ইছলাম। কিন্তু কি কাৰণত এই নৃশংস হত্যাকাণ্ডৰ বলি হ’ব লগা হ’ল ৰমেনা খাতুন, বৰ্তমানলৈ এই ৰহস্য ভেদ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী৷