1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 11:22 am

চাহ… নিচাই নে স্বাস্থ্যৰ বাবে উপকাৰীও?

  • Update Time : Sunday, November 21, 2021

ডিজিটেল ডেস্কঃ চাহ নিচা, অসমবাসীৰ বাবে চাহ এক আবেগো। সচৰাচৰ আমাৰ প্ৰত্যেকঘৰ মানুহেই চাহ খাওঁ। চাহ একো কাপ পৰিৱেশন কৰোতে আমি প্ৰায়সংখ্যকেই চীনা মাটিৰ কাপ ব্যৱহাৰ কৰোঁ। কিন্তু চাহ কাপ কেৱল ঘৰতে খাওঁ এনে নহয়। বাহিৰলৈ ওলাই গৈয়ো একোকাপ চাহ খোৱাটো বহুতৰে একোটা নিচাও। বৰ্তমান ‘মাটকা টি’ একো কাপৰ আদৰ বহুত বেছি। বহু দোকানত কাগজ বা প্লাষ্টিকৰ কাপত চাহ দিলেও, মাটিৰ সামগ্ৰীৰ ব্যৱহাৰেই সৰ্বাধিক। প্ৰায়সংখ্যকেই মাটিৰ পাত্ৰত চাহ পৰিৱেশন কৰি ভালপায়। মাটিৰ পাত্ৰত পৰিবেশন কৰা চাপকাপে প্ৰভাৱ পেলাই নেকি আমাৰ শৰীৰত?

মাটিৰ পাত্ৰত খোৱা চাহকাপে শৰীৰত কেনেধৰণে প্ৰভাৱ পেলাই?

মাটিৰ পাত্ৰত চাহ খালে কি হয়? ই শৰীৰক কেনেদৰে প্ৰভাৱিত কৰে? বহুলোকে অৱসাদ আতঁৰাবলৈকে একাপ চাহ খাব বিচাৰে। চাহৰ উপকাৰিতা-অপকাৰিতা সম্পৰ্কে জ্ঞাত নহয়। মাটকা টি কাপ বাছি লোৱাৰ কাৰণ প্ৰায়সংখ্যকৰে পোৰা মাটিৰ কাপটোত গৰম চাহ ঢালি দিলে ওলোৱা সুবাস। এই গোন্ধ গ্লাছ বা চীনামাটিৰ পাত্ৰত পোৱা নাযায়। এই গোন্ধটোৱে চাহ খোৱাৰ আনন্দ বৃদ্ধি কৰে। কিন্তু গোন্ধটো কিহৰ কাৰণে পোৱা যায়? পাত্ৰটোত চাহ ঢালিলে আন কিবা পৰিঘটনা ঘটে নেকি?

বিজ্ঞানসন্মতভাৱে মাটিৰ পাত্ৰত চাহ খোৱাটো উপকাৰীনে?

বিজ্ঞানীসকলৰ মতে পোৰা মাটিৰ পাত্ৰত চাহ ঢালিলে কিছুমান ৰাসায়নিক পৰিঘটনা ঘটে। কিন্তু ইয়াৰ কোনোটোৱেই মানৱ শৰীৰৰ বাবে ক্ষতিকাৰক নহয়। বৰঞ্চ, লাভহে হয়। এনে পাত্ৰত চাহ খালে কিছু লাভহে। পুষ্টিবিদসকলৰ মতে, পোৰা মাটিৰ পাত্ৰত চাহৰ দৰে গৰম পানীয় ঢালিলে ইয়াৰ পুষ্টিগত মূল্য বৃদ্ধি হয়। সেয়া কাগজ বা প্লাষ্টিকৰ কাপত নহয়। কেৱল সেয়াই নহয়, চাহ খোৱাৰ ফলত বহুতৰে এচিডিটিৰ সমস্যা হয়। বিশেষকৈ যেতিয়া গাখীৰ মিশ্ৰিত চাহ খাই বহুলোকে এছিডিটিত ভোগে। মাটিৰ সামগ্ৰীত চাহ খালে এই সমস্যাটো যথেষ্ট হ্ৰাস হয়। ইয়াৰ মুখ্য কাৰণ হৈছে পোৰা মাটিয়ে চাহৰ অম্লতা হ্ৰাস কৰে। কাগজ বা প্লাষ্টিকৰ কাপত চাহ খোৱাটো আটাইতকৈ বিপদজনক। বিজ্ঞানীসকল মতে কাগজ বা প্লাষ্টিকৰ কাপত চাহ খালে হৰমনতো প্ৰভাৱ পৰে।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme