চাহ একাপ নোখোৱাকৈ বহুতৰে ৰাতিপুৱা সম্পূৰ্ণ নহয়। চাহ বহু লোকৰ বাবে প্ৰয়োজনীয়তাও হৈ পৰিছে। একে সময়তে বহুলোকৰ চাহ খোৱাৰ লগে লগে গেছ হ’বলৈ আৰম্ভ কৰে।
চাহ খোৱাৰ পিছত কিয় গেছ হয়? আচলতে চাহত কেফেইন, লেক্ট’জ, টেনিন থাকে। আচলতে ইয়াক স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। কিন্তু এই মৌলবোৰৰ প্ৰতি হজম শক্তি আৰু সংবেদনশীলতাৰ বাবে ই গেছ, পেট ফুলা আৰু এচিড ৰিফ্লেক্সৰ সৃষ্টি কৰে।
এনে পৰিস্থিতিত চাহ এৰি নিদিয়াকৈ কেনেকৈ এই গেষ্ট্ৰিক সমস্যাৰ পৰা হাত সাৰিব পাৰি জানো আহক
– কেফেইন আৰু টেনিন কম থকা বনৌষধি চাহ বাছি লওক। এনে পৰিস্থিতিত কেমোমাইল, পদিনা, আদা আৰু ৰুইবছ চাহ বাছি ল’ব পাৰে । ই পেটৰ বাবে লঘু আৰু পাচনত সহায় কৰিব পাৰে।
– শক্তিশালী ক’লা, গ্ৰীন বা উলং চাহ সেৱন কৰাটো কমাব লাগে। ইয়াৰ পৰিৱৰ্তে কেফেইনবিহীন বনৌষধিযুক্ত চাহ খোৱাটো আপোনাৰ বাবে উপকাৰী হ’ব পাৰে।
– খালী পেটত চাহ নাখাব। খাদ্যৰ সৈতে চাহ খালে হজম শক্তিৰ ওপৰত ইয়াৰ প্ৰভাৱ কমি যায় আৰু সেয়েহে গেছ আৰু পেট ফুলাৰ সমস্যাৰ সৃষ্টি নহয়।
– যদি আপুনি মিঠা চাহ ভাল পায় তেন্তে চেনিৰ সলনি মিঠাৰ বাবে মৌ বা ষ্টেভিয়াৰ দৰে প্ৰাকৃতিক বিকল্প ব্যৱহাৰ কৰক। ইয়াক হজম কৰাটো সহজ, সেয়েহে ই গেছ উৎপন্ন নকৰে।
– অত্যাধিক চাহ বিশেষকৈ কাঢ়া চাহ সেৱন নকৰিব আৰু শৰীৰে কেনে প্ৰতিক্ৰিয়া কৰে তাৰ প্ৰতি গুৰুত্ব দিব। যদি চাহ খোৱাৰ পিছত অবিৰতভাৱে পেট ফুলা অনুভৱ হয়, তেন্তে চাহ কমকৈ খাব।
– দিনটোৰ ভিতৰত পৰ্যাপ্ত পৰিমাণৰ পানী খাই থকাটো নিশ্চিত কৰক। ডিহাইড্ৰেচনে পাচনত ব্যাঘাত জন্মায়, যাৰ প্ৰভাৱ চাহ খোৱাৰ লগে লগে গেছ বা পেট ফুলাৰ ৰূপত দেখা যায়।