সৃষ্টিৰ ভাৰসাম্য ৰক্ষা কৰি আছে নাৰী আৰু পুৰুষে। অনাদি কালৰেই পৰা পুৰুষ আৰু নাৰীয়েই ৰাখি আহিছে সামাজিক ভাৰসাম্যতা। যিকোনো নাৰী বা পুুৰুষে ইজনে-সিজনৰ গুণবোৰ চোৱাতো স্বভাৱসুলভ আচৰণ। এই বিষয় সন্দৰ্ভত দেখিবলৈ পোৱা যায় উভয় পক্ষৰে উৎসুকতা৷ অৰ্থাৎ পুৰুষে নাৰীৰ কি কি গুণ ভাল পাই, তাক জানিবলৈ সদা উদগ্ৰীৱ হৈ থাকে নাৰী৷ একেদৰে কেনেধৰণৰ পুৰুষ নাৰীৰ পচন্দ বা পুৰুষৰ কি কি গুণৰ প্ৰতি নাৰী আকৰ্ষিত হয় তাক লৈয়ো পুৰুষ সমাজৰ মাজত দেখিবলৈ পোৱা যায় আগ্ৰহ৷ কিন্তু এইক্ষেত্ৰত প্ৰাচীন ভাৰতৰ এগৰাকী আদৰ্শ শিক্ষক, দাৰ্শনিক আৰু ৰাজ-উপদেষ্টা কৌটিল্য অথবা বিষ্ণুগুপ্ত বা চাণক্যই নিজৰ এই সন্দৰ্ভত উল্লেখ কৰি গৈছে অতি গুৰুত্বপূৰ্ণ কথা৷ কোৱা হয় যে দাৰ্শনিক চাণক্যৰ সকলো নীতি অতিকৈ ফলপ্ৰসু৷ পুৰুষ-নাৰীৰ সম্পৰ্ক সন্দৰ্ভত আচাৰ্য চাণক্যই নিজৰ নীতিত বহু কথা উল্লেখ কৰিছে। একাধিক নীতিত কিছুমান পুৰুষৰ গুণৰ বিষয়ে আৰু কিছুমান নীতিত নাৰীৰ গুণৰ বিষয়ে কৈ গৈছে চাণক্যই। যিকোনো ব্যক্তিৰ গুণ আৰু আচৰণে সকলোকে প্ৰভাৱিত হয়। কোনো এগৰাকী ব্যক্তিৰ গুণ বা আচৰণে ব্যক্তিগৰাকীক সমাজত আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তোলে। নাৰীৰ ক্ষেত্ৰত কিছুমান বিশেষ গুণ থকা পুৰুষক ভাল পায় নাৰীয়ে। এনে পুৰুষক নাৰীয়ে নিজৰ জীৱনৰ সংগী কৰি ল’বলৈ আগ্ৰহী হয়৷ আহক জানো পুৰুষৰ কোনবোৰ গুণ নাৰীয়ে আটাইতকৈ বেছি ভাল পায়৷
সততা
সৎ পুৰুষে হে বিশেষকৈ সম্পৰ্ক বজাই ৰাখিব জানে। কাকো ঠগিব নালাগে। নাৰীয়ে কেতিয়াও এনে পুৰুষক এৰি যাব নিবিচাৰে। যিকোনো নাৰীয়ে বিচাৰে এনে পুৰুষ তেখেতৰ জীৱনৰ সংগী হওঁক৷
ব্যৱহাৰ
যি পুৰুষে নাৰীৰ প্ৰতি ভাল আচৰণ কৰে, নাৰীক সন্মান কৰে। নাৰীৰ লগত মৰম, নম্ৰতা আৰু সৌজন্যতাৰে কথা পাতে। নাৰীয়ে এনে পুৰুষক বহুত ভাল পায়। এগৰাকী নাৰী নিমিষতে এনে পুৰুষৰ প্ৰেমত পৰে৷ প্ৰায় সংখ্যক পুৰুষৰ অভ্যাস যে তেওঁলোকে নাৰীৰ কথা নুশুনে আৰু সদায় নিজৰ কথাটো ওপৰত ৰাখিবলৈ চেষ্টা কৰে। মহিলাসকলে এনে পুৰুষক ভাল নাপায়। আনহাতে, নাৰীৰ কথা শুনি গুৰুত্ব দিয়া পুৰুষ। মহিলাসকলে এনে পুৰুষক বহুত ভাল পায়।
ধেমেলীয়া আচৰণ
প্ৰায় সংখ্যক নাৰী বা যুৱতীয়ে বিচাৰে এগৰাকী পুৰুষে যিকোনো পৰিস্থিতিতেই তেওঁৰ সৈতে ধেমেলীয়া আচৰণ কৰক৷ কিন্তু অতিমাত্ৰা নহয়৷ এনে পুৰুষক নাৰীয়ে নিজৰ জীৱন সংগী কৰিব বিচাৰে।