1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 1:15 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

চাঞ্চল্যকৰ! প্ৰেমিকাই ‘EGG CURRY’ নবনোৱাৰ বাবেই হত্যা কৰিলে প্ৰেমিকে

  • Update Time : Sunday, March 17, 2024

গুৰুগ্ৰামত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ঘটনাটোৱে আচৰিত কৰি তুলিব আপোনাক। সাধাৰণ এটা কথাৰ বাবেই কিদৰে প্ৰেমিকে হত্যা কৰিলে প্ৰেমিকাক। উল্লেখযোগ্য এগৰাকী যুৱতী আৰু এজন যুৱকে বিগত ৬টা মাহে লিভ-ইনত আছিল। দুয়োৰে মাজত মাজে সময়ে সাধাৰণ তৰ্কা-তৰ্কি হৈছিল যদিও দুয়ো একেলগেই আছিল। কিন্তু হত্যাকাণ্ড সংঘটিত হোৱাৰ দিনটোত প্ৰেমিকে প্ৰেমিকাক ‘EGG CURRY’ বনাবলৈ কৈছিল। বাৰে বাৰে ‘EGG CURRY’ প্ৰেমিকাক বনাবলৈ কোৱাৰ পিছতো প্ৰেমিকাই বনাবলৈ অস্বীকাৰ কৰে। এই কথাকে লৈ দুয়োৰে মাজত তৰ্কা-তৰ্কি লাগে। এই কাজিয়াই এটা সময়ত ভয়ংকৰ ৰূপ ধাৰণ কৰে। ‘EGG CURRY’ বনাবলৈ অস্বীকাৰ কৰা প্ৰেমিকাৰ ওপৰত খৰ্গহস্ত হৈ পৰে প্ৰেমিক আৰু হিতাহিত জ্ঞান হেৰুৱাই প্ৰেমিকে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। প্ৰেমিকে হাতুৰীৰে আঘাত কৰি নিৰ্মমভাৱে হত্যা কৰে প্ৰেমিকাক। আৰক্ষীয়ে ইতিমধ্যেই অভিযুক্তক গ্ৰেপ্তাৰ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। জেৰাৰ সময়ত অভিযুক্তই মদ্যপান কৰি এই হত্যাকাণ্ড সংঘটিত কৰা বুলি স্বীকাৰ কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme