বহুলোকে নিজৰ ডিজিটেল সঁজুলিবোৰ চকুৰ একেবাৰে সম্মুখত ৰাখে৷ এনে লোকসকলৰ চকুৰ সমস্যা হোৱা দেখা যায়৷ বিশেষকৈ কৰ্মক্ষেত্ৰত দীৰ্ঘসময়ৰ বাবে কম্পিউটাৰৰ সম্মুখত বহি থাকিব লগা হ’লে
চকুৰ সমস্যা হোৱা দেখা যায়৷ লাহে লাহে চকুৰে কমকৈ দেখা হয়, দূৰৰ বস্তু নেদেখা হৈ পৰে৷ গতিকে, চকু ভালে ৰাখিবলৈ প্ৰত্যেকেই নিজৰ চকুৰ যতন লব লাগে৷ দীৰ্ঘসময়ৰ বাবে চকু স্বাস্থ্যৱান ৰখাৰ বাবে চকুৰ যতন লোৱাটো প্ৰয়োজনীয়৷ এক স্বাস্থ্যকৰ জীৱনশৈলী আৰু পুষ্টিসমৃদ্ধ আহাৰৰ দ্বাৰা আপোনাৰ দৃষ্টিশক্তি উন্নত কৰিব পাৰিব।
. সদায়ে লাইটৰ পোহৰত কাম কৰাৰ সলনি প্ৰাকৃতিক পোহৰত কাম কৰিবলৈ চেষ্টা কৰিব৷ যেতিয়া সূৰ্য্যৰ পোহৰ খিৰিকী, দুৱাৰেদি সোমাই চকুত প্ৰৱেশ কৰে চকুৱে বহু আৰাম পায়৷
. দৈনিক চকুৰ ব্যায়ামৰ বাবে ক্ষন্তেক সময় উলিয়াব লাগে৷ আপুনি যদি কৰ্মৰ বাবে দৈনিক কম্পিউটাৰৰ সম্মুখত কাম কৰিব লাগে তেন্তে প্ৰতি ২০ মিনিটৰ পিছত ২০ ছেকেণ্ডৰ বাবে ২০ ফুট দুৰত্বত থকা যিকোোন বস্তুত মন দিয়ক৷
. আপোনাৰ লেপটপ বা কম্পিউটাৰৰ ফন্টৰ আকাৰে প্ৰায় আমাৰ চকুত প্ৰভাৱ পেলায়৷ ফন্টটো যিমানেই সৰু হয়, চকুৰ ওপৰত সিমানেই চাপ পৰে৷ ইয়াৰ কাৰণ হৈছে সৰু ফন্টবোৰ পঢ়াৰ সময়ত অধিক মনোযোগৰ প্ৰয়োজন হয়৷ যাৰ ফলত চকুত অধিক চাপ পৰে৷ সেয়েহে, দীঘলীয়া নথিপত্ৰ থাকোঁতে, স্ক্ৰীণৰ ফন্ট যিমান সম্ভৱ মিলাই লওঁক৷
চকু ভালে ৰাখিবলৈ কি কি খাদ্য খাব পাৰি?
. চকু স্বাস্থ্যৱান ৰাখিবলৈ তথা দৃষ্টিশক্তি বৃদ্ধি কৰিবলৈ মাছ খোৱাটো অতি উপকাৰী বুলি গণ্য কৰা হয়।
. সেউজীয়া শাক-পাচলি খালে ইয়ে চকুক দীৰ্ঘসময়ৰ বাবে স্বাস্থ্যৱান কৰি ৰাখে।
. চকু স্বাস্থ্যৱান ৰাখিবলৈ নেমুজাতীয় ফল খাব লাগে। নেমুজাতীয় ফলবোৰত ভিটামিন চি সমৃদ্ধ বাবে ই দৃষ্টিশক্তি উন্নত কৰাত সহায় কৰে।
. কণীও চকুৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। কণী লুটিন আৰু জেক্সান্থিনৰ লগতে ভিটামিন চি, ভিটামিন ই আৰু জিংকৰ ভাল এক উৎকৃষ্ট উৎস।