1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 1:10 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

ঘৰ ভাঙিল! টি-২০ত পাকিস্তানৰ বিজয় উদযাপনৰ বাবেই পত্নীৰ বিৰুদ্ধে গোচৰ

  • Update Time : Sunday, November 7, 2021

ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপত পাকিস্তানৰ বিজয়! পাকিস্তানৰ বিজয়ৰ প্ৰভাৱ পৰিছে ভাৰতবৰ্ষতো। ক্ৰিকেটত পাকিস্তানৰ বিজয় উদযাপন একপ্ৰকাৰে ভাৰতবৰ্ষত অতিজৰে পৰাই নিষিদ্ধ। নিষিদ্ধ এই উৎসৱ পালন কৰিবলৈ গৈ বিপাঙত পৰিছে এটা পৰিয়াল। এই ঘটনা উত্তৰ প্ৰদেশৰ। উত্তৰ প্ৰদেশৰ এটা পৰিয়ালে বিশ্বকাপত পাকিস্তানে ভাৰতক পৰাস্ত কৰোৱাৰ বাবে নিজা বাসগৃহত পাকিস্তানৰ বিজয় উৎসৱ পালন কৰিছিল৷ এই উৎসৱ পালন কৰিয়েই ৰঙাঘৰৰ আলহী হোৱাৰ দিশে উত্তৰ প্ৰদেশৰ পৰিয়ালটো৷

যোগী আদিত্যনাথ শাসিত চৰকাৰে টি-২০ বিশ্বকাপৰ আৰম্ভণিতেই ৰাজ্যবাসীলৈ এক জৰুৰী নিৰ্দেশনা জাৰী কৰিছিল। টি-২০ বিশ্বকাপত কেনেবাকৈ পাকিস্তান জয়ী হলে উত্তৰ প্ৰদেশৰ কোনো লোকেই পাকিস্তানৰ বিজয় উল্লাসত মত্ত হ’ব নোৱাৰিব। অন্যথা এই আদেশ অমান্য কৰা সকলৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰা হ’ব। আদিত্যনাথৰ কথা যেন ভৱিষ্যতবাণীহে আছিল, টি-২০ বিশ্বকাপত ভাৰতক পৰাস্ত কৰিলে পাকিস্তানে। দেশৰ একাংশ লোকে পাকিস্তানৰ বিজয়ত ভাৰতীয় দলটোক সমালোচনা কৰিলে। কিন্তু উত্তৰ প্ৰদেশৰ এটা পৰিয়ালে ললে ব্যতিক্ৰমী প্ৰচেষ্টা। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সতৰ্কবাণীক আওকান কৰি নিজা বাসগৃহত পাকিস্তানৰ বিজয় উৎসৱৰ আয়োজন কৰে। পিছে এই আয়োজনত সন্তুষ্ট নহল ঘৰখনৰে এজন সদস্য। কেৱল অসন্তুষ্টই নহয় ব্যক্তিজনে তেওঁৰ পত্নী, শহুৰ আৰু শাহুৱেকৰ বিৰুদ্ধে আৰক্ষী চকীত গোচৰো ৰুজু কৰে। ঘটনাটো উত্তৰ প্ৰদেশৰ ৰামপুৰৰ আজিমনগৰৰ। আজিমনগৰৰ ঈশিম মিঞা নামৰ ব্যক্তিজনে তেওঁৰ পত্নী ৰাবিয়া চামচি আৰু ৰাবিয়াৰ পিতৃ-মাতৃৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সদৰ আৰক্ষী চকীত। এজাহাৰত ঈশিমে উল্লেখ কৰিছে যে তেওঁৰ পত্নী ৰাবিয়া আৰু ৰাবিয়াৰ পৰিয়ালে পাকিস্তানে ভাৰতীয় দলটোক পৰাস্ত কৰাৰ পিছতেই হোৱাটছএপ যোগে পাকিস্তানৰ দলটোক সমৰ্থন কৰি ষ্টেটাছ দিয়াৰ লগতে ফটকা ফুটুৱাৰ ফটো ষ্টেটাছত দিয়ে। ইয়াৰ পিছতেই ঈশানক এই বিষয়টোৱে অসন্তুষ্ট কৰাত আৰক্ষীৰ কাষ চাপে। ঈশানে দাখিল কৰা এজাহাৰ সন্দৰ্ভত ৰামপুৰৰ আৰক্ষী অধীক্ষক অংকিত মিত্তালে কয়, “ভাৰতীয় ক্ৰিকেট দলটোক উপহাস কৰা হৈছে। এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰা হৈছে। আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত কৰি আছে। ৰামপুৰৰ গঞ্জ আৰক্ষী থানাত একাধিক ধাৰাৰ অধীনত এটা গোচৰ ৰুজু হৈছে।
উল্লেখ্য যে, এজাহাৰ দাখিল কৰা ঈশান আৰু তেওঁৰ পত্নী বিবাহৰ পিছৰে পৰা পৃথকে বাস কৰে।। পত্নী ৰাবিয়া তেওঁৰ মাক দেউতাকৰ সৈতে থাকে। ৰাবিয়াই পূৰ্বে স্বামী ঈশানৰ বিৰুদ্ধে যৌতুকৰ গোচৰ ৰুজু কৰিছিল। ইয়াৰ পোতক তুলিবলৈকে এনে পন্থা অৱলম্বন কৰিছে নেকি ঈশানে এই বিষয়টোক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme