ডিজিটেল ডেস্কঃ ঘোষণা হ’ল বহু প্ৰত্যাশিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷ শীৰ্ষ ১০ত কোনে কোনে স্থান লাভ কৰিবলৈ সক্ষম হ’ল! ১০ বজাৰ লগে লগে ছেৱাই ঘোষণা কৰিছে স্থানপ্ৰাপ্ত ছাত্ৰৰ নাম৷ ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫৯৭ নম্বৰেৰে প্ৰথম স্থান লাভ কৰিছে নৰ্থ লখিমপুৰ ছেইণ্ট মেৰিজ হাইস্কুলৰ ৰক্তোপল শইকীয়াই৷ ৫৯৬ নম্বৰেৰে দ্বিতীয় স্থানত আছে নলবাৰী লিটিল ফ্লাৱাৰ স্কুলৰ ভূয়সী মেধি৷ তৃতীয় স্থান লাভ কৰিছে ক্ৰমে খেৰণি ডনবস্ক হাইস্কুলৰ মৃদুপৱন কলিতা(৫৯৫), ডনবস্ক এইছ এছ স্কুল ডিব্ৰুগড়ৰ লাবীব মুজিব(৫৯৫) আৰু বিহপুৰীয়াৰ লোহিত দিক্ৰং এইছ এছ স্কুলৰ পাৰ্থপ্ৰতিম দাস(৫৯৫)৷
চতুৰ্থ স্থানত আছে ক্ৰমে বৰপেটাৰ আনন্দৰাম একাডেমী হাইস্কুলৰ স্বপ্নৰাজ কলিতা(৫৯৪), গোলাঘাট দয়ানন্দ বিদ্যা নিকেতনৰ স্নেহা শইকীয়া( ৫৯৪), যোৰহাট বাঘচুঙ ডনবস্ক হাইস্কুলৰ সমাদৃতা শৰ্মা(৫৯৪) আৰু ডুমডুমা ডনবস্ক হাইস্কুলৰ অন্বেষা বৰা(৫৯৪)৷ পঞ্চম স্থান দখল কৰিছে বৰপেটা পালহাজি এইছ এছ স্কুলৰ জুবেইৰ হুছেইন(৫৯৩), দৰঙৰ নগাঁও আঞ্চলিক হাইস্কুলৰ প্ৰাণজিৎ বৰদলৈ(৫৯৩), যোৰহাট বেনগাৰ্ডেন হাইস্কুলৰ ছাহনাজ অঞ্জুমা য়াছমিন(৫৯৩) আৰু লখিমপুৰ চেইণ্ট মেৰিজ হাইস্কুলৰ ইকুইট এবট দত্ত(৫৯৩)
ষষ্ঠ স্থান দখল কৰিছে গোৱালপাৰা মাটিয়াৰ চেইণ্ট ছেবাষ্টিয়ানছ স্কুলৰ বিতোপন মেধি(৫৯২), নলবাৰী লিটিল ফ্লাৱাৰ স্কুলৰ মূৰ্ছনা বৰ্মনে(৫৯২)৷ সপ্তম স্থানত আছে শিৱসাগৰ ফুকননগৰৰ নিউ লুক একাডেমীৰ প্ৰিয়ানুজ বৰদলৈ(৫৯১), শিৱসাগৰ ডিমৌ গাৰ্লছ হাইস্কুলৰ দীপশিখা বৰুৱা(৫৯১), গুৱাহাটী ছেইণ্ট মেৰিজ হাইস্কুলৰ অশ্লেষা শৰ্মা(৫৯১) আৰু গুৱাহাটী টিচি চৰকাৰী বহুমূখী বালিকা এইছ এছ স্কুলৰ নিশা শৰ্মা(৫৯১)৷ অষ্টম স্থান দখল কৰিছে পাঠশালা শীক্ষাপীঠ আদৰ্শ হাই স্কুলৰ হৰ্ষিত বৰ্মন(৫৯০), যোৰহাট বাঘচুং ডনবস্ক হাইস্কুলৰ অলিভিয়া বৰা(৫৯০), নগাঁও খ্ৰীষ্টজ্য়োতি হাইস্কুলৰ ৰাজনন্দিনী বৈদ্য়(৫৯০), নগাঁও খ্ৰীষ্টজ্য়োতি হাইস্কুলৰ তেজাল আগৰৱালা(৫৯০), নগাঁও খ্ৰীষ্টজ্য়োতি হাইস্কুলৰ উদেষ্ণা বৰদলৈ(৫৯০), আৰু শোনিতপুৰ বৰচলা এইছ এছ স্কুলৰ নেহা উপাধ্যায়(৫৯০)।
আনহাতে নৱম স্থানত আছে ১০ গৰাকীকৈ ছাত্ৰ, বৰপেটাৰডিভাইন এপি শৰ্মা, দৰঙৰ আকাশ দ্বীপ ভূঞা, ডিব্ৰুগড়ৰ দৃষ্টিমান দত্ত, কামৰূপ গ্ৰাম্যৰ টাবিবুল হক, লখিমপুৰৰ পাৰ্থ প্ৰতিম বৰা, মৰিগাঁৱৰ বিদিশা নাথ, নগাঁৱৰ সৃষ্টিনন্দ কাশ্যপ, শিৱসাগৰৰ দুগৰাকী ছাত্ৰ ক্ৰমে অৰিণ ভূঞা আৰু জ্যোতিৰ্ময় কাশ্যপ।
দশম স্থানত আছে ক্ৰমে ৭গৰাকী ছাত্ৰ। বৰপেটাৰ অম্লীনা খাটুন, বঙাইগাঁৱৰ অনুভৱ কপিল, কাছাৰৰ বিশ্বদ্বীপ নাথ, ডিব্ৰুগড়ৰ দুগৰাকী ছাত্ৰী ক্ৰমে অনন্যা ভৰদ্বাজ, অনিকংকনা গগৈ, লখিমপুৰৰ অয়ন মিত্ৰ আৰু মৰিগাঁৱৰ কৌস্তৱ জ্যোতি নাথে দখল কৰিছে দশম স্থান।