গৰম দিনত সততে ছাল, ছুলি তথা আমাৰ শৰীৰটোৱে বৃহৎ কষ্ট অনুভৱ কৰে৷ গৰম দিনত অলপ ৰ’দত ওলালেই ঘাম ওলোৱা তথা স্বাস্থ্যৰ অৱনতি ঘটে। গৰম দিনত আমি পিয়াহ নাইকীয়া কৰিবলৈ পানী খাওঁ। কিন্তু পানী খালে আমাৰ শৰীৰক উপযুক্ত পৰিমাণে পাব লগা সামগ্ৰী সমূহ বা পদাৰ্থসমূহ উপলব্ধ নহয়। গৰমৰ দিনত শৰীৰটোক শীতল কৰি ৰাখিবলৈ ভিন্ন ঠাণ্ডা জাতীয় বস্তু খাবলৈ মন যায়৷ নিজৰ শৰীৰটোক
প্ৰচণ্ড গৰমত শীতল কৰি ৰাখিবলৈ আমি সেৱন কৰিব পাৰোঁ পদিনা, ধনীয়া পাত, কলা নিমখ, নেমু মিহলি চৰবত৷
নেমুৰ বাহিৰেও আপুনি খাব পাৰে,
নাৰিকলৰ পানী- নাৰিকলৰ পানী শৰীৰৰ কাৰণে বহুত উপযোগী৷ লগতে নাৰিকলৰ পানীয়ে আমাৰ শৰীৰক সতেজ কৰি ৰাখে ৷ লগতে আমাৰ শৰীৰৰ ছাল ছুলিৰ কাৰণে নাৰিকলৰ পানী অত্যন্ত উপযোগী৷
লাচ্চি- মলাই দৈ দ্বাৰা তৈয়াৰ কৰা লাচ্চি মিঠা অথবা নিমখীয়াও তৈয়াৰ কৰিব পাৰে ৷ ইয়াত, গুলাব, কল, আম, চকলেট, কেশৰ পিস্তা অথবা অন্যান্য সামগ্ৰীও লাচ্চিত দিব পাৰে৷
আম- কেঁচা আমৰ সৈতে পদিনা মিক্সাৰত পিহি তাৰ ৰস খাব পাৰি৷
আম পান্না- পকা আমেৰে তৈয়াৰ কৰা আম পান্নাত সোৱাদ অনুযায়ী চেনী, অলপ পানী, পদিনা পাউডাৰ মিহলাই গৰম দিনত পান কৰক৷