ৰাতিপুৱাই আইনাখনত নিজকে চালে ছালখন নিস্তেজ আৰু ভাগৰুৱা যেন লাগেনে? যদি হয়, তেন্তে হয়তো আপোনাৰ ছালখনক অলপ ৰাতিপুৱাৰ যত্নৰ প্ৰয়োজন। দিনটোৰ আৰম্ভণিতে মাত্ৰ ৫ মিনিট সময় নিজৰ দেহৰ ছালখনক দিলেই আপোনাৰ ছালখন সুস্থ দেখাই নহয়, ইয়াৰ জিলিকনিও বৃদ্ধি পাব। গতিকে আজি আমি আপোনালোকক এনেধৰণৰ ৬টা প্ৰাকৃতিক বস্তুৰ বিষয়ে ক’ম যিবোৰ ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে মুখত লগালে ছালখন জিলিকিবলৈ আৰম্ভ কৰে।
তিঁয়হ- ঠাণ্ডা তিঁয়হৰ ৰস ৰাতিপুৱাই মুখত লগালে নিমিষতে ছালখন সতেজ হৈ পৰে। ইয়াত থকা এন্টিঅক্সিডেন্টবোৰে ছালখনক বিষমুক্ত কৰি ৰাখে।
মৌ:- মৌত থকা এন্টিবেক্টেৰিয়েল গুণে ছালখনক বেক্টেৰিয়াৰ পৰা ৰক্ষা কৰে আৰু ইয়াক গভীৰভাৱে জলসিঞ্চিত কৰে। ৰাতিপুৱা সাৰ পোৱাৰ পিছত মুখত মৌ লগাব আৰু ৫ মিনিটৰ পিছত কুহুমীয়া পানীৰে ধুব।
বৰফ:- যদি আপুনি মুখ ফুলি উঠা বা ক’লা বৃত্তৰ বাবে অসুবিধা পায়, তেন্তে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে মুখত বৰফ ঘঁহিলে আচৰিত কাম কৰিব পাৰি। ইয়াৰ ফলত ৰক্ত সঞ্চালন বৃদ্ধি পায় আৰু লগে লগে ছালখন টান হৈ পৰে।
গোলাপৰ পানীঃ- স্প্ৰে বটলত গোলাপৰ পানী ভৰাই ৰাতিপুৱা সোনকালে মুখত স্প্ৰে কৰিলে ছালখনে কেৱল সতেজ অনুভৱ কৰাই নহয়, পি এইচৰ ভাৰসাম্যও বজাই ৰাখে।
কেঁচা গাখীৰ:- কেঁচা গাখীৰত লেক্টিক এচিড থাকে যিয়ে ছালৰ মৃত কোষবোৰ আঁতৰোৱাত সহায় কৰে। ৰাতিপুৱা গাখীৰ কপাহৰ সৈতে মুখত লগাই ৫ মিনিট ৰাখিব। তাৰ পিছত পানীৰে ধুব।
এল’ভেৰা জেল:- এলোভেৰা জেলে ছালখন ঠাণ্ডা কৰাই নহয়, মেৰামতিও কৰে। ৰাতিপুৱা সোনকালে এল’ভেৰা জেলেৰে মুখখন লাহে লাহে মালিচ কৰক।