1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:22 am

গৰমৰ দিনত দেহৰ পৰা ওলোৱা দুৰ্গন্ধ কেনেদৰে নাইকিয়া কৰিব পাৰি?

  • Update Time : Sunday, March 31, 2024

গৰমৰ দিনত দেহৰ পৰা ঘাম ওলাই দেহত এক অসহনীয় দুৰ্গন্ধৰ সৃষ্টি কৰে। ঘামৰ দুৰ্গন্ধৰ বাবেই বহু ঠাইত অপ্ৰস্তুত হব লগা হয়। কিন্তু কিয় ঘামৰ ফলত দুৰ্গন্ধৰ সৃষ্টি হয়। শৰীৰত বেক্টেৰিয়াৰ বৃদ্ধি হোৱা বাবে ঘামত দুৰ্গন্ধৰ সৃষ্টি হয়।
ঘামৰ দুৰ্গন্ধ আঁতৰাবলৈ বহুলোকে বডী স্প্ৰে, সুগন্ধি ব্যৱহাৰ কৰে। অৱশ্যে এই ঘামৰ দুৰ্গন্ধৰ পৰা হাত সাৰিবলৈ কিছুমান ঘৰুৱা কৌশলো ব্যৱহাৰ কৰিব পাৰি।
*মৌ- এটা বাটিত অলপ গৰম পানী লৈ তাত অকণমাণ মৌ মিহলাই, গা ধুৱাৰ পিছত মৌ মিশ্ৰিত পানীখিনি গাত ঢালি দিয়ক।
*গোলাপ- গা ধোৱা পানীৰ সৈতে গোলাপৰ পানী মিহলি কৰক আৰু গা ধুৱক। চাব লাহে লাহে দুৰ্গন্ধ ওলোৱা বন্ধ হব।
*নিম পাত- নিম পাত অলপ পানীত দি সেইখিনি উতলাই লৈ গা ধুৱা পানীৰ সৈতে মিহলাই গা ধুলে সহজে দুৰ্গন্ধ প্ৰতিহত কৰিব পাৰে।
*ঘামৰ দুৰ্গন্ধ আঁতৰাবলৈ ঘৰত ৰখা কিছুমান বস্তুও ব্যৱহাৰ কৰিব পাৰে। নেমুৰ লগত বেকিং চডা মিহলাই কাষলতিত লগাব লাগে যাৰ দ্বাৰা দুৰ্গন্ধৰ পৰা ৰক্ষা পাব।
*বেচনৰ সৈতে দৈ মিহলাই লগালে ঘামৰ দুৰ্গন্দৰ পৰা ৰক্ষা পাব পাৰি। লগতে দৈনিক গা ধুব লাগে , দৈনিক গা নুধুলেও গা গোন্ধাব পাৰে।
*গা ধোৱাৰ সময়ত শ্বাৱাৰ জেল, বডি শ্বেম্পু ব্যৱহাৰ কৰিব লাগেষ ইয়াৰ বাবে আপোনাৰ শৰীৰত ঘামৰ গোন্ধ নাথাকে।
*পদিনা পাত পিহি গা ধুৱা পানীত দি গা ধুলে দুৰ্গন্ধ কমে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme