1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 2, 2025, 10:49 am

গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈৰ আছে পাকিস্তান কানেকচন! ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ গগৈ পৰিয়ালৰ বোৱাৰীৰ বিৰুদ্ধে…

  • Update Time : Tuesday, February 11, 2025

গগৈ পৰিবাৰৰ পাকিস্তান কানেকচনক লৈ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া৷ পাকিস্তানৰ সৈতে কি সম্পৰ্ক গগৈ পৰিয়ালৰ বোৱাৰীৰ? এই প্ৰশ্নই এতিয়া গৰম কৰিছে ৰাষ্ট্ৰীয় ৰাজনীতি৷ গগৈ পৰিয়ালৰ মান-মৰ্যদা-সন্মান ওপৰত আঙুলি টোৱাইছে এটা অভিযোগে। লোকসভাত বিৰোধীৰ উপ-দলপতিৰ লগতে যোৰহাট পৰিষদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈৰ বিৰুদ্ধে উত্থাপিত হৈছে চাঞ্চল্যকৰ অভিযোগ। অভিযোগ অনুসৰি, এলিজাবেথ ক’লবাৰ্ণ গগৈৰ পাকিস্তানৰ সৈতে আছে ঘনিষ্ঠ সম্পৰ্ক। কেৱল এই অভিযোগেই নহয়। অভিযোগ উত্থাপন হৈছে যে মাৰ্কিন ‘দীপষ্টেট’ৰ প্ৰবক্তা তথা ৰাষ্ট্ৰীয়তাবাদ বিৰোধী হিচাপে পৰিচিত জৰ্জ ছৰছৰ সৈতেও সম্পৰ্ক আছে এলিজাবেথ ক’লবাৰ্ণ গগৈৰ। প্ৰাপ্ত খবৰ অনুসৰি, এলিজাবেথ ক’লবাৰ্ণে গৌৰৱ গগৈৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পূৰ্বে স্বেচ্ছাসেৱী সংগঠন এটাৰ সৈতে জড়িত হৈ আছিল। গৌৰৱ গগৈৰ সৈতে বিয়া হোৱাৰ পূৰ্বে এলিজাবেথ ক’লবাৰ্ণ পাকিস্তানৰ লীড নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ হৈ ভাৰতত কাম কৰি আছিল। এই সংগঠনটোৰ নেতৃত্বত আছিল আলী তাকিৰ শ্বেখ নামৰ এজন পাকিস্তানী নাগৰিক। এইগৰাকী আলী তাকিৰ শ্বেখ হৈছে পাকিস্তানৰ পৰিকল্পনা আয়োগৰ অন্যতম উপদেষ্টা লগতে পাক চোৰাংচোৱা সংস্থা ISIৰ সৈতেও ঘনিষ্ঠ সম্পৰ্ক আছে আলী তাকিৰ শ্বেখৰ। এই আলী তাকিৰ শ্বেখ লীড নামৰ সংস্থাটোৰ CEO। সেই আলী তাকিৰ শ্বেখৰ NGO লীডৰ অধীনৰ প্ৰকল্প ক্লাইমেট এণ্ড ডেভেলপমেণ্ট ন’লেজ নেটৱৰ্ক চমুকৈ CDKNৰ সমন্বয়ক আছিল এলিজাবেথ ক’লবাৰ্ণ অৰ্থাৎ গৌৰৱ গগৈৰ পত্নী। CDKN আৰু জৰ্জ ছৰছ… পাকিস্তানী আলী তাকিৰ শ্বেখ নেতৃত্বাধীন NGO লীডে CDKN প্ৰকল্প ৰূপায়ন কৰিছিল ICLEI নামৰ এটা সংস্থাৰ সহযোগত। এই ICLEIএ ২১ লাখ মাৰ্কিন ডলাৰ পাইছিল অ’পেন ছ’চাইটী ফাউণ্ডেচনৰ পৰা। এই অ’পেন ছ’চাইটী ফাউণ্ডেচনেই হ’ল ৰাষ্ট্ৰীয়তাবাদ বিৰোধী তথা ভাৰতক অস্থিৰ কৰাৰ ষড়যন্ত্ৰ ৰচা মাৰ্কিন নাগৰিক জৰ্জ ছৰছ নেতৃত্বাধীন সংস্থা। এবিজাবেথ ক’লবাৰ্ণ গগৈয়ে পূৰ্বে কাম কৰিছিল মাৰ্কিন ছিনেটৰ টম উদালৰ সৈতেও। মাৰ্কিন ছিনেটৰ টম উদালৰ নিকট সম্পৰ্ক আছে জৰ্জ ছৰছৰ সৈতে। এই টম উদাল ইউ. এছ ছিনেট ইণ্টেলিজেঞ্চ কমিটীৰ সদস্য। এই টম উদালে পাকিস্তানত অধিক ধন দিয়াৰ পোষকতা কৰিছিল। কাজেই এলিজাবেথ ক’লবাৰ্ণ গগৈৰ পাকিস্তান সম্পৰ্কিত অতীতৰ এই কাহিনী শেহতীয়াকৈ পোহৰলৈ আহিছে। বিশেষকৈ আমেৰিকাত ড’লাল্ড ট্ৰাম্প দ্বিতীয়বাৰলৈ শাসনৰ গাদীত বহাৰ পাছতেই জৰ্জ ছৰছ সম্পৰ্কিত কাহিনী অধিক চৰ্চালৈ আহিছিল। শেহতীয়াকৈ ৰাষ্ট্ৰীয় ৰাজনীতিত এই খবৰ বিয়পাৰ লগে লগে কংগ্ৰেছৰ ভিতৰ চৰাত ধুমুহাৰ সৃষ্টি হৈছে৷ যদিহে সাংসদ গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ সত্য প্ৰমাণিত হয়৷ তেন্তে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰিয়ালৰ মান-সন্মান সকলো মাটিত মিহলি হৈ যাব৷ কাৰণ ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপত জড়িত থকা মানেই দেশৰ শত্ৰু, মাটিৰ শত্ৰু, মানুহৰ শত্ৰু৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme