1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:40 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

গোৱাত বিন্দাচ লাইফ ষ্টাইলত আছিল দীপাংকৰ

  • Update Time : Monday, October 28, 2024

ডিবি ষ্টক ব্র’কিং নামৰ প্ৰতিষ্ঠান খুলি অনলাইন – ট্রেডিঙৰ নামত কেইবাহেজাৰ কোটি টকা লুণ্ঠন চলোৱা মহাপ্রবঞ্চক দীপাংকৰ বৰ্মন অৱশেষত আৰক্ষীৰ জালত পৰিল। বিগত প্রায় আঢ়ৈ মাহ ধৰি পলাতক অবস্থাত থকা দীপাংকৰক বিচাৰি দেশৰ কেইবাখনো ৰাজ্যত আৰক্ষীয়ে অভিযান চলাইছিল৷ আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰিছিল দীপাংকৰ৷ শেহতীয়াকৈ CBI-য়ো নামি পৰিছিল দীপাংকৰৰ সন্ধানত। তাৰপিচতেই দেওবাৰে সন্ধিয়া গোৱাত মহানগৰ আৰক্ষীৰ দল এটাই দীপাংকৰক ধৰিবলৈ সক্ষম হয়। ধৃত দীপাংকৰৰ পৰা আৰক্ষীয়ে ২৭,০৬,৭৫০ টকাৰ লগতে সোণৰ অলংকাৰ জব্দ কৰিছে। কেইদিনমান পূর্বে মহানগৰ আৰক্ষীৰ পাণবজাৰৰ এ চি পি অমিত মাহাতোৰ নেতৃত্বত আৰক্ষীৰ দল এটাই দীপাংকৰৰ সন্ধানত গোৱাত বাহৰ পাতিছিল। সেইমৰ্মে আৰক্ষীৰ দলটোৱে দীপাংকৰৰ সন্ধান উলিয়াই দেওবাৰে সন্ধিয়া প্ৰৱঞ্চক দীপাংকৰক গবা মাৰি ধৰিবলৈ সক্ষম হয়। ক’লা টি-ছার্ট, ক’লা জিনছ পিন্ধি গোৱাৰ ৰাজপথত ঘূৰি ফুৰা অৱস্থাতেই গুৱাহাটী আৰক্ষীৰ দলটোৱে মহাপ্ৰৱঞ্চকটোক গ্ৰেপ্তাৰ কৰে। মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সদৰি কৰা তথ্য অনুসৰি উত্তৰ গোৱাৰ আৰাম্বল বীচ্চৰ কাষৰ পাৰনেম থানাৰ ওচৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল মহাপ্ৰৱঞ্চক দীপাংকৰক। অকলশৰীয়া হোমস্টেত আত্মগোপন কৰি থকা দীপাংকৰে যোৱা ১৮ আগষ্টতেই গুৱাহাটীৰ পৰা পলায়ন কৰিছিল। দীপাংকৰৰ গোচৰত আন ৫জন লোককো গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰযুক্তিৰ সহায়ত গ্ৰেপ্তাৰ কৰা হৈছে দীপাংকৰ বৰ্মনক। মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সদৰি কৰা তথ্য অনুসৰি সঘনে হোটেল, ৰিজ’ৰ্ট সলনি কৰিছিল দীপাংকৰে। সোমবাৰে দীপাংকৰক হাজিৰ কৰা হয় পাৰনেম আদালতত। গুৱাহাটীলৈ অনাৰ পাছত পুনৰ জেৰা চলোৱা হ’ব দীপাংকৰ বৰ্মনক৷ উল্লেখ্য যে দীপাংকৰলৈ ধন পঠিয়াইছিল প্ৰেয়সীৰ ভগ্নীয়ে৷ পলায়নৰ সময়তো প্ৰেয়সীৰ পৰিয়ালৰ সৈতে সম্পূৰ্ণ যোগাযোগত আছিল দীপাংকৰ৷ হাৱালাৰ জৰিয়তে প্ৰেয়সীৰ ভগ্নী অঞ্জলি দাসে পঠিয়াইছিল দীপাংকৰলৈ ধন৷ যোৱা ২২ আগষ্টত দীপাংকৰৰ হাতত পৰিছিল সেই ধন৷ ১৮ আগষ্টৰ নিশা গুৱাহাটীৰ পৰা পলায়ন কৰা দীপাংকৰে বিমানেৰে মুম্বাইলৈ গৈছিল৷ মহা প্ৰৱঞ্চটোৱে মুম্বাইৰ পৰা বাহনেৰে গোৱালৈ গৈছিল দীপাংকৰ৷ বৰ্তমানো কেন্দ্ৰীয় কাৰাগাৰত আছে দীপাংকৰৰ প্ৰেয়সী৷ ডিবি ষ্টক ব্র’কিং নামৰ প্ৰতিষ্ঠান খুলি অনলাইন – ট্রেডিঙৰ নামত কেইবাহেজাৰ কোটি টকা লুণ্ঠন চলোৱা গোৱাত আছিল ৰাজকীয় শৈলীত৷ নাছিল কোনো দুশ্চিন্তা, গ্ৰেপ্তাৰৰ ভয় বা আশংকা৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme