1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
June 8, 2025, 8:25 pm

গুৱাহাটী কবৰস্থান কমিটীৰ হৈ জৱাদুল ইছলামে দিলে ঈদৰ বিশেষ বাৰ্তা…

  • Update Time : Saturday, June 7, 2025

গুৱাহাটী ৭ জুনঃ ত্যাগৰ বাণীৰে বিশ্বশান্তি কামনাৰ্থে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি পালন কৰিলে ঈদ উল আজহা৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিলে পবিত্ৰ ঈদ-উজ-জোহা। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম উৎসৱ হৈছে ঈদুজ্জোহা বা বকৰিদ অথবা ঈদ-উজ-জোহা। ঈদ-উল-জুহা বা ঈদ-উল আজহা ইছলাম ধৰ্মী লোকসকলৰ সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত অন্যতম। এই উৎসৱৰ আন দুটা নাম হ’ল বকৰ-ঈদ আৰু কোৰবাণী ঈদ। ঈদ-উল-জোহা মূলত আৰৱী বাক্যাংশ। ইয়াৰ অৰ্থ হ’ল ত্যাগৰ উৎসৱ। এই উৎসৱৰ মূল প্ৰতিপাদ্য বিষয় হৈছে ত্যাগ কৰা। এই দিনটোত মুছলমান লোকসকলে তেওঁলোকৰ সাধ্য মতে ধৰ্মীয় নিয়মানুযায়ী উট, গৰু, দুম্বা বা ছাগলী কোৰবাণী দিয়ে বা জবেহ কৰে। মুলত ত্যাগৰ বাণীৰে পালন কৰা হয় ঈদ উল আজহা৷ পবিত্ৰ ঈদ উল আজহা উপলক্ষে বিশ্বশান্তি আৰু ভাতৃত্ববোধৰ লক্ষ্যৰে ইছলাম ধৰ্মী লোকসকলে পুৱাই ঈদৰ নামাজ আদায় দিয়ে৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ ঐতিহাসিক আঠগাঁও কবৰস্থান ঈদ ময়দানতো আদায় দিয়া হয় ঈদৰ নামাজ৷ ঈদৰ নামাজৰ অন্তত আঠগাঁও স্থিত গুৱাহাটী কবৰস্থান কমিটীৰ কার্যকাৰী সভাপতি জৱাদুল ইছলামে প্ৰেৰণ কৰে বিশেষ বাৰ্তা৷

‘‘আজি পবিত্র ঈদ উজ আজহাৰ পবিত্র ক্ষণত গুৱাহাটী কবৰস্থানৰ কমিটিৰ হৈ সমূহ ৰাইজক শুভেচ্ছা ও আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো৷ আমাৰ সমাজত ভার্তৃত্বৰ বান্ধোন সদায় যাতে এক হৈ থাকে তাৰেই কামনাৰে আকৌ এবাৰ ঈদৰ শুভেচ্ছা জনালো৷’’
                                                                  -জৱাদুল ইছলাম
                                                           কার্যকাৰী সভাপতি
                                                        গুৱাহাটী কবৰস্থান কমিটী

                                                              আঠগাঁও, গুৱাহাটী

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme