1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 11:42 am
Trending:
আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে!

গুৰুত্ব নাথাকিব মেট্ৰিকৰ, বাঢ়িব সুৰাৰ মূল্য…

  • Update Time : Wednesday, November 24, 2021

ডিজিটেল ডেস্কঃ বঙাইগাঁৱত সম্পন্ন হ’ল গুৱাহাটীৰ বাহিৰৰ দ্বিতীয়খন কেবিনেট৷ গুৱাহাটীৰ বাহিৰৰ প্ৰথমখন কেবিনেট হৈছিল ধেমাজিত তাৰ পিচতেই বুধবাৰে দ্বিতীয়খন কেবিনেট বৈঠক সম্পন্ন হ’ল বঙাইগাঁৱত৷ বঙাইগাঁৱত দ্বিতীয়খন কেবিনেট বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ঘোষণা কৰে৷

সংবাদমেলত কেবিনেটৰ সিদ্ধান্তসমূহৰ ভিতৰত মুখ্যতে হৈছে,  ৰাজ্যৰ শিক্ষা ব্যৱস্থা সলনি হ’ব৷ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আৰ্হিত ৰাজ্যত হ’ব নতুন শিক্ষা ব্যৱস্থা৷ ইয়াৰোপৰি প্ৰাক-প্ৰাথমিক পৰ্যায়ৰ নাম সলনি হৈ নতুন নাম হ’ব বুনিয়াদী স্কুল৷ এই শিক্ষানীতিত নাথাকিব মেট্ৰিকৰ আগৰ দৰে গুৰুত্ব৷ লগতে নতুন ব্যৱস্থাত ৫+৩+৩+৪ আৰ্হিত প্ৰদান কৰা হ’ব শিক্ষা৷

সত্ৰৰ মাটিক লৈও কেবিনেটত সিদ্ধান্ত লোৱা হৈছে৷ সত্ৰৰ মাটি বেদখলৰ স্বৰূপ চিনাক্তকৰণৰ বাবে কমিটি গঠনৰ সিদ্ধান্ত লোৱা হৈছে৷ লগতে প্ৰাক্তন মন্ত্ৰী প্ৰদীপ হাজৰিকাক কমিটিৰ অধ্যক্ষৰ দায়িত্ব দিয়াৰ উপৰিও বিধায়ক মৃণাল হাজৰিকা, ৰূপক শৰ্মাও এই কমিটিত থকাৰ কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে৷

চৰকাৰী কৰ্মচাৰীসকলৰ বাবেও কেবিনেটত লোৱা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ ২০২২ বৰ্ষৰ ৬ আৰু ৭ জানুৱাৰীত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অতিৰিক্ত ছুটী মঞ্জুৰ কৰা হ’ব৷ পিতৃ-মাতৃ আৰু শহুৰ-শাহু জীয়াই থকা কৰ্মচাৰীয়েহে লাভ কৰিব এই ছুটী৷ কিন্তু জৰুৰীকালিন সেৱাৰ বাবে মঞ্জুৰ নহ’ব এই বিশেষ অতিৰিক্ত ছুটী৷

লাচিত বৰফুকনৰ ৪০০ সংখ্যক মৃত্যুতিথিত অনুষ্ঠিত হোৱা এই কেবিনেটত বীৰজনাৰ শ্ৰদ্ধা জনাই লোৱা হৈছে অন্য এক উল্লেখনীয় পদক্ষেপ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ’ব বীৰ লাচিতৰ ৪০০ বছৰীয়া জন্মজয়ন্তী৷ লগতে সমগ্ৰ বছৰটোৱই বীৰজনাৰ নামত উচৰ্গা কৰা হ’ব৷ আনহাতে নতুন যুৱ আয়োগ গঠনৰ সিদ্ধান্ততো অনুমোদন জনাইছে ৰাজ্য চৰকাৰে৷ প্ৰতিখন জিলাৰ ১০০ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক এই আয়োগে প্ৰশিক্ষণ দিব৷

মাটিৰ পট্টাক লৈও সিদ্ধান্ত লোৱা হৈছে কেবিনেট বৈঠকত৷ ১০ বছৰ দখলত থকা মাটিৰ বাবে খিলঞ্জীয়াই আবেদন কৰিব পাৰিব৷ পূৰ্বতে ২০ বছৰ দখলত থাকিলেহে আবেদন কৰিব পাৰিছিল৷ বৰ্তমান সেই নিয়মৰ সালসলনি কৰি ১০ বছৰ দখলত থকা মাটিতো পট্টাৰ বাবে আবেদন কৰিব পাৰিব৷

বাণিজ্যিক ক্ষেত্ৰতো কিছু সালসলনিৰ সিদ্ধান্ত লোৱা হৈছে কেবিনেটত৷ ২৫ লাখ টকাৰ ওপৰৰ টেণ্ডাৰ ই-টেণ্ডাৰ কৰাতো বাধ্যতামূলক কৰা হৈছে৷ পূৰ্বতে ৫০ লাখ টকাৰ ওপৰৰ টেণ্ডাৰহে ই-টেণ্ডাৰ আছিল৷ আনহাতে পেট্ৰল-ডিজেলৰ মূল্য হ্ৰাসৰ সিদ্ধান্ততো অনুমোদন জনাইছে কেবিনেটে। ইফৈলে আজিৰ এই বৈঠকত আবকাৰী শুল্ক বৃদ্ধিৰো সিদ্ধান্ত লোৱা হৈছে যাৰ বাবে  ৰাজ্যত সুৰাৰ দামো বৃদ্ধি হব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme