সাধাৰণতে মোবাইল ৰিচাৰ্জ, বিদ্যুৎ আৰু গেছৰ বিল পৰিশোধ কৰা আদি সেৱাৰ বাবে গুগল পে ব্যৱহাৰ কৰা হয়। কিন্তু এতিয়া যদি আপুনি গুগল পেৰ জৰিয়তে বিদ্যুৎ, গেছ বা অন্যান্য ইউটিলিটি বিল পৰিশোধ কৰে তেন্তে অতিৰিক্ত চাৰ্জ দিব লাগিব। তথ্য অনুসৰি, গুগল পেই এতিয়া ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ জৰিয়তে কৰা বিল পৰিশোধৰ ক্ষেত্ৰত সুবিধা শুল্ক ল’বলৈ আৰম্ভ কৰিছে। ইয়াৰ পূৰ্বে ব্যৱহাৰকাৰীসকলে এই সেৱা বিনামূলীয়াকৈ ব্যৱহাৰ কৰিছিল। এই মাচুল বিশেষভাৱে সৰু সৰু লেনদেনত আৰোপ কৰা হৈছে, য’ত গেছ আৰু বিদ্যুতৰ বিল অন্তৰ্ভুক্ত কৰা হৈছে। এই মাচুল ০.৫%ৰ পৰা ১%লৈ হ’ব পাৰে, য’ত GST-য়ো সংযোজন কৰা হ’ব। অৱশ্যে UPIৰ জৰিয়তে কৰা ধন পৰিশোধৰ ওপৰত কোনো অতিৰিক্ত চাৰ্জ লোৱা নহ’ব।
প্ৰতিবেদনত লগতে কোৱা হৈছে যে যদি আপুনি ক্ৰেডিট বা ডেবিট কাৰ্ড ব্যৱহাৰ কৰি বিল পৰিশোধ কৰে তেন্তে আপুনি প্ৰচেছিং মাচুল দিব লাগিব। ইতিমধ্যে PhonePe আৰু Paytm-এ এনে সেৱাৰ বাবে ধন লয়।