1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:24 am

গীতেৰে, কথাৰে, সুৰেৰে সকলোৰে আজিও সকলোৰে হৃদয়ৰ সুকীয়া স্থানত থকা সন্ধ্যা মেননৰ আজি ওপজা দিন!

  • Update Time : Friday, September 20, 2024

‘তই হেনো ভৈয়ামৰ,
মই পাহাৰী…
কোনে বাৰু আনি দিলে
বিভেদ মাতি…’

গীতটিৰ কণ্ঠশিল্পী গৰাকী কোন মনত পৰিছেনে বাৰু আপোনাৰ? ঠিকেই ধৰিছে, তেওঁ আন কোনো নহয়, অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী সন্ধ্যা মেনন।
আজি সন্ধ্যা মেননৰ ওপজা দিন। এসময়ত তেওঁৰ গীতেৰে, সুৰেৰে, কথাৰে সকলোতে দপদপাই থকা সন্ধ্যা মেননৰ গীতসমূহে আপোনাৰ , মোৰ হৃদয় জুৰ পেলায়।
এই ধৰক,
‘চেনাই মৰম যাঁচিলো,
চেনাই মৰম নাপালোঁ…
চেনাইঈ বিহৰে বতৰত
চেনাই পিৰিতি লগালো’….

এটা সময় আছিল যিটো সময়ত বিহুৰ মঞ্চত বিজয় ভূঞা আৰু সন্ধ্যা মেনন যুটীয়ে মঞ্চ কঁপাইছিল। কোনোদিনে বিজয় ভূঞা আৰু সন্ধ্যা মেননৰ যুটীক
পাহৰিব পৰা নাযাব আৰু পাহৰিব নোৱাৰি তেওঁলোকৰ মধুৰ যুঁটিক।
সন্ধ্যা মেননৰ গীতৰে আমোদ দিয়া প্ৰতিটো গীতেই শ্ৰোতাৰ প্ৰিয়। তেওঁৰ প্ৰতিটো গীত আজীৱন জীয়াই থাকক, জীয়াই ৰাখক নৱ প্ৰজন্মই।
অৱশেষত সন্ধ্যা মেননৰ এটি গীতৰ কলিৰে তেওঁলৈ কাৰেন্ট ট্ৰেণ্ড অসমৰ তৰফৰ পৰা যাঁচিলো জন্মদিনৰ শুভকামনা।

‘তুমি মোৰ মৰমৰে মইনা
তুমি মোৰ আকাশৰে জোন
তুমি মোৰ মৰমৰে মইনা
তুমি মোৰ আকাশৰে জোন
আমি জুৰো একেলগে একো ৰঙীণ সপোন’…….

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme