1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 4:37 am

গালত চৰিয়াবলৈকে চাকৰি নিযুক্তি! দৰমহা শুনিলে হতবাক হ’ব…

  • Update Time : Friday, November 12, 2021

ডিজিটেল ডেস্কঃ চৰ মৰাটো জানো এটা চাকৰি হ’ব পাৰে? অসম্ভৱ! এই অসম্ভৱকো সম্ভৱ কৰিছে ব্যক্তিগতখণ্ডৰ কোম্পানী এটাত কৰ্মৰত এজন চিইঅই। কেৱল তেওঁক চৰিয়াবলৈকে কৰ্মচাৰী নিয়োগ কৰিছে ভাৰতীয়মূলৰ চিইঅগৰাকীয়ে। এনে ধৰণৰ অদ্ভুত নিযুক্তি আগতে পৃথিৱীৰ কোনো ঠাইতে হোৱা নাই।

অবিশ্বাস্য যেন লগা এই নিযুক্তি প্ৰদান কৰিছে বিশেষ এটা প্ৰযুক্তি প্ৰতিষ্ঠানৰ চিইঅ’য়ে। কিয় চৰিয়াবলৈকে মানুহ ল’লে প্ৰতিষ্ঠানটোৰ চিইঅ জনে? কাৰণটোৱে হতবাক কৰিছে সকলোকে। মনীষ চেট্টী নামৰ ভাৰতীয়মূলৰ এজন ব্যক্তিয়ে এটা ব্যক্তিগত কোম্পানীত মুখ্য কাৰ্যবাহী হিচাপে কৰ্মৰত হৈ আছিল। কিন্তু চিইঅ মনীষৰ এটা খুবেই বদভ্যাস আছিল। ফেচবুকত অত্যাধিক সময় কটাই ভালপায় মনীষে। মনীষৰ এই ভালপোৱা এটা সময়ত আসক্তিলৈ পৰ্যবাসিত হ’ল। ২০১২ চনৰ কথা, মনীষে উপলব্ধি কৰিলে ফেচবুকত অত্যাধিক সময় অতিবাহিত কৰি তেওঁৰ কৰ্মৰ প্ৰতি অনিহা আহিছে। ইয়াৰ লগে লগেই এই বদভ্যাস আঁতৰাবলৈ মনীষে উপায় বিচাৰিবলৈ ধৰিলে।

বন্ধুৰ সহায় তথা নিজা চিন্তা-চৰ্চাৰ অন্ততঃ মনীষে বিচাৰি উলিয়ালে এটা বিশেষ উপায়। মনীষে ফেচবুক খুলিলেই তেওঁক বাধা দিবলৈ এজন সহায়কাৰী ৰৈ থাকিব। সহায়কাৰী হিচাপে মনীষে এগৰাকী মহিলাক নিযুক্তি দিয়ে। মনীষে সমগ্ৰ বিষয়টোক তেওঁৰ ফেচবুক ৱালত বিশ্লেষন কৰি লিখিছে,’মই এগৰাকী মহিলাক মোৰ এই আসক্তি আতঁৰাবৰ বাবে সহায়কাৰী হিচাপে নিয়োগ কৰিছো। যেতিয়াই মই ফেচবুক কৰো, সহায়কাৰীগৰাকীয়ে মোৰ গালত চৰ মাৰে। চৰটো মৰাৰ পিছত মই সজাগ হৈ পৰোঁ। চৰটোৱে মোৰ কামৰ গতিও বৃদ্ধি কৰে লগতে মোৰ ফেচবুকৰ প্ৰতি আসক্তিও হ্ৰাস পায়।’

উল্লেখ্য যে ৮ ডলাৰ খৰচ কৰি চৰ মাৰিবলৈ ৰখা সহায়কাৰীগৰাকীয়ে সলাইছে মনীষৰ জীৱন। ফেচবুকৰ পৃথিৱীত বিচৰণ কৰি এলেহুৱা হৈ পৰা মনীষৰ কামৰ প্ৰতিহে বৃদ্ধি হৈছে আসক্তি। মনীষৰ ফেচবুকৰ পৃথিৱীৰ পৰা বিদায় লোৱাৰ এই অদ্ভুত কাৰ্যক সমৰ্থন জনাই সামাজিক মাধ্যমযোগে মনীষলৈ শুভকামনা জনাইছে স্পেচএক্স আৰু টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কেও।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme