1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 2:32 pm

গাড়ীত ভগৱানৰ মূৰ্তি ৰখাটো এইসকল লোকৰ বাবে হৈ পৰিব পাৰে অশুভ

  • Update Time : Wednesday, February 28, 2024

আমি যেতিয়াই গাড়ী কিনো তেতিয়াই গাড়ীখনৰ ৰং, বৈশিষ্ট্য আদি সকলো গমি-পিটি চাইহে ক্ৰয় কৰো। প্ৰতিজন ব্যক্তিয়ে নতুন গাড়ী এখন তেওঁলোকৰ বাবে শুভ হোৱাটো বিচাৰে। ইয়াৰ বাবে গাড়ী কিনাৰ পিছত ঈশ্বৰৰ আশীৰ্বাদ বিচাৰি মন্দিৰত উপস্থিত হয়। বাহনখনৰ পূজা-অৰ্চনা কৰে। একে সময়তে বহু লোকে গাড়ীত ভগৱানৰ মূৰ্তিও স্থাপন কৰে। যাতে ঈশ্বৰৰ কৃপা থাকে।

জ্যোতিষৰ মতে প্ৰায়ে মানুহে গাড়ীত গনেশ, মহাদেৱৰ মূৰ্তি, দুৰ্গা, শ্ৰীকৃষ্ণৰ মূৰ্তি স্থাপন কৰে। যাতে ঈশ্বৰে তেওঁলোকৰ ওপৰত অহা বিপদ আৰু বাধাৰ পৰা ৰক্ষা কৰিব পাৰে। কিন্তু বাস্তুৰ মতে ভগৱানৰ মূৰ্তি গাড়ীত ৰাখি কিছু কথা মনত ৰখাটো অতি প্ৰয়োজনীয়। বাস্তু শাস্ত্ৰৰ মতে একাংশ লোকে ভগৱানৰ মূৰ্তি গাড়ীত ৰাখিব নালাগে। কোন কোন লোকে ভগৱানৰ মূৰ্তি গাড়ীত ৰখাৰ পৰা আঁতৰি থাকিব লাগে জানি লওক।

– জ্যোতিষৰ মতে যদি আপুনি ভগৱানৰ মূৰ্তি গাড়ীত ৰাখিছে, তেন্তে মনত ৰাখিব যে মাজে মাজে চাফা কৰিব লাগিব
– বাস্তুৰ মতে যদি গাড়ীত ভগৱানৰ মূৰ্তি ৰখা হয় তেন্তে গাড়ীত সুৰা সেৱন কৰিব নালাগে। ইয়াৰ দ্বাৰা ভগৱানক অপমান কৰা হয়। আৰু ভগৱান ক্ষোভিত হৈ পৰে
– বাস্তু শাস্ত্ৰৰ মতে যিসকল লোকে নিজৰ গাড়ীত ভগৱানৰ মূৰ্তি ৰাখিছে তেওঁলোকে ধূমপান কৰিব নালাগে
– ইয়াৰ বাহিৰেও ঈশ্বৰৰ মূৰ্তি বা ফটো থকা গাড়ীত পিঁয়াজ, নহৰু আৰু নন-ভেজ খাব নালাগে। জ্যোতিষত ইয়াক অশুভ বুলি গণ্য কৰা হয়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme