আজি তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপানি পত্নী নাৰীৰ বীৰত্বৰ প্ৰতীয় বীৰাংগনা কুন মে ডাম জয়মতীৰ ৩৪৫ সংখ্যক পুণ্যতিথি৷
“জয় দেউলৰ শিলত বোলালে সোণৰ গৰিমা বোল, আজিও কুলিয়ে কলচিত বহি তোলে বিননী ৰোল, জয়া নাই জয়া নাই অসমী আইৰ চেনেহৰ জী সতী জয়মতী নাই” কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে বীৰাংগনা জয়মতীৰ গীতৰ মাজেৰে এনে abstract ছবি হয়তো আজিলৈ কোনেও উপস্থাপন কৰিবলৈ সক্ষম হোৱা নাই, পিছে উক্ত গীতটোৰ দৰে আমি সততে গদাপানি পত্নী মহীয়সী জয়মতীক সতী হিচাপেহে সম্বোধন কৰো। কিন্ত সঁচাকৈ জয়মতী কুঁৱৰী সতী আছিল নে? এই সন্দৰ্ভত বহু বাদানুবাদ হোৱা দেখিবলৈ পোৱা যায়। দৰাচলতে জয়মতীৰ টাই আহোম উচ্ছাৰণ -জাঞমতী,
জয়মতী আছিল ১৭শ, শতিকাৰ আহোমৰ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপানিৰ পত্নী । পতি আৰু দেশৰ হকে জীৱন ত্যাগ কৰাৰ বাবে জয়মতী অসমৰ বুৰঞ্জীৰ এক উল্লেখনীয় চৰিত্ৰ। ১৪ দিনৰ নিৰ্যাতন সহ্য কৰি ১৬০১,শকৰ ১৩ চ’ত বা ১৬৭৯ খ্ৰীষ্টাব্দৰ ২৭, মাৰ্চত ইহ-সংসাৰ ত্যাগ কৰিছিল জয়মতীয়ে। যদিও তেওঁ মুত্যু হ’ল তথাপিটো তেওঁ আমাৰ মাজত অসম আৰু নাৰীৰ সাহস আৰু বীৰত্বৰ প্ৰতীক। আমি সকলোৱে জয়মতীৰ বিষয়ে জ্ঞাত। কিন্তু জয়মতী সতী নে? প্ৰথম কথা তাই আহোম সমাজত সতী হোৱা প্ৰথা নাই। একেদৰে ১৯৮৮ চনৰ ৫ চেপ্তেম্বৰত “আমাৰ অসম” কাকতত লিখা এক নিবন্ধ অনুসৰি যি নাৰীয়ে জীৱন কালত নিজৰ স্বামীৰ আনন্দ আৰু মৰমৰ সামগ্ৰীৰ সৈতে স্বামীৰ চিতাক জুইত আত্মজাহ দিয়ে সেইগৰাকী নাৰীয়েই সতী। তেনেস্থলত সতী সম্বোধনেৰে বীৰাংগনা জয়মতীক সম্বোধন কৰা উঠিত নে নাৰীৰ বীৰত্বৰ প্ৰতীক হিচাপে সম্বোধন কৰা উচিত সেয়া বৰ্তমান আলোচনাৰ বিষয় হৈ পৰিছে।