1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 4:10 am

খৈৰাবাৰীৰ নিজ চিনাকোণাৰ ১০০ বছৰ পুৰণি এখন আজৱ বিয়া…

  • Update Time : Saturday, May 18, 2024

এশ বছৰ পুৰণি এখন ভেকুলী বিয়া ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ সমীপৰ নিজ চিনাকোণাত প্ৰতিবছৰৰ জেঠ মাহত অনুষ্ঠিত হৈ আহিছে এই ভেকুলীৰ বিয়াখন। প্ৰধানতঃ খেতিৰ সময়ত কৃষকৰ বুকুৰ আপোন পথাৰখন বৰষুণে জীপাল কৰি তোলে, সেই কামনাৰে স্থানীয় ৰাইজে অনুষ্ঠিত কৰি আহিছে ভেকুলীৰ বিয়াখন। আটকধুনীয়া মণ্ডপত, পৰম্পৰাগত ৰীতি-নীতিৰে অনুস্থিত কৰি অহা এই ভেকুলীৰ বিয়াখনত অৱশ্যেই আন কিছু লোকবিশ্বাসো সংপৃক্ত হৈ আছে। ছিপাঝাৰৰ সংবাদদাতা সূদৰ্শন কলিতাই প্ৰেৰণ কৰা খবৰ অনুসৰি, এই ভেকুলীৰ বিয়াখন অনুষ্ঠিত কৰিলে, গাওঁখনত বসন্ত ৰোগ নহয় বুলি গাঁৱবাসীয়ে বিশ্বাস কৰি আহিছে । তদুপৰি এই ভেকুলীৰ বিয়াখনত শৰাই আগবঢ়ালে নি:সন্তান দম্পত্তিয়ে সন্তান লাভ কৰে বুলিও জনশ্ৰুতি আছে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme