1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 11:20 am

খুচখবৰী! গৰ্ভৱতী হ’ল অভিনেত্ৰী সোনম কাপুৰ…

  • Update Time : Monday, March 21, 2022

ডিজিটেল ডেস্কঃ বলিউডৰ এগৰাকী মোহময়ী অভিনেত্ৰী সোনম কাপুৰ৷ ২০১৮ চনৰ মে মাহত আনন্দ আহুজাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল অভিনেত্ৰী সোনম কাপুৰ৷ বলিউডৰ আগশাৰীৰ বহু তাৰকাৰ সৈতে বিভিন্ন ছবিত দেখা পোৱা গৈছিল এই গৰাকী অভিনেত্ৰীগৰাকীক৷ অভিনেতা অনিল কাপুৰ আৰু সুনীতা কাপুৰৰ জ্যেষ্ঠ কন্যা সোনম। শেহতীয়াকৈ সোনম কাপুৰে ২০১৯ চনত মুক্তি লাভ কৰা “দ্য জয়া ফেক্টৰত” অভিনয় কৰে৷ ইয়াৰ লগতে, ২০২০ চনত অনিল কাপুৰ আৰু অনুৰাগ কাশ্যপৰ নেটফ্লিস্কত সম্প্ৰচাৰিত “AK vs AK” ত এটা কেমিঅ (এটা সৰু চৰিত্ৰ, য’ত কোনো বলিষ্ঠ অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰে) ৰ’লত দেখিবলৈ পোৱা গৈছিল?

শেহতীয়াতৈ এইগৰাকী অভিনেত্ৰীয়ে তেওঁৰ প্ৰথম গৰ্ভধাৰণৰ কথা প্ৰকাশ কৰে৷ স্বামীৰ সৈতে উঠা কেইখনমান ফটো ইনষ্টাগ্ৰামত যোগে শ্বেয়াৰ কৰি প্ৰকাশ কৰে এই কথা৷ অভিনেত্ৰী সোনমে এই কথা প্ৰকাশ কৰাৰ লগে-লগে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে কথাটো৷ ইনষ্টাগ্ৰামত অভিনেত্ৰী গৰাকীক বলিউডৰ বহু তাৰকা আৰু শুভাকাংশী সকলে শুভেচ্ছাও জ্ঞাপন কৰে৷ অভিনেত্ৰী কৰীণা কাপুৰে অভিনন্দন জনায় লিখে, “কেঁচুৱাটোৰ সৈতে খেলিবলৈ মই বেছি সময় অপেক্ষা কৰিব নোৱাৰো। দিয়া মিৰ্জাই লিখিছে, ” আপোনাৰ বাবে সু-খবৰ। অনন্যা পাণ্ডেয়ে লিখিছিল, “অভিনন্দন।”

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme