1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2024, 9:44 pm
Trending:
ৰাজ্যৰ কাৰ্যবাহী অভিযন্তাসকলৰ পৰা বান-খহনীয়া সন্দৰ্ভত বুজ ল’লে মন্ত্ৰী পীযূষ হাজৰিকাৰ আপুনি জানেনে নৰসিংহ পাত আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী! কনজাংটিভাইটিছৰ পৰা হাত সাৰিবলৈ অৱলম্বন কৰক এইসমূহ উপায় আৰু দূৰত থাকক চকুৰ সমস্যাৰ পৰা আপোনাৰ নখকেইটা ধুনীয়া কৰি ৰাখিবলৈ মানি চলক কিছু ঘৰুৱা নিয়ম! পনীৰ প্ৰিয় যদি জানি লওঁক কিদৰে চিনাক্ত কৰিব প্ৰকৃত আৰু নকল পনীৰ! ভাৰতৰ সৰ্বোচ্চ ৰে’ল ষ্টেচনটো, য’ত শিৰৰ ওপৰত থাকে ডাৱৰ জন উইক’ নিৰ্মাতাই ক্ৰয় কৰিলে কৰণ জোহৰৰ ‘কিল’ ছবিৰ হলিউডৰ ৰিমেক ৰাইট। সনাতন ধৰ্মত জগন্নাথ ৰথ যাত্ৰাৰ আছে এক বিশেষ তাৎপৰ্য! আপুনি জানেনে আপোনালৈ হোৱাটছ এপত পঠোৱা ভিন্নৰঙী ‘LOVE EMOJI’য়ে কি কি বুজায়? অনন্ত আম্বানীৰ বিবাহ অনুষ্ঠানত উপস্থিত ৰোহিত-হাৰ্দিক-সূৰ্যক কাষত লৈ আবেগিক নীতা আম্বানী!

খাৰুপেটীয়াৰ শ্মশান কালি মন্দিৰত প্ৰকৃততে কি হৈছিল?

  • Update Time : Monday, May 13, 2024

দৰঙ খাৰুপেটীয়াৰ ঐতিহাসিক শ্মশান কালি মন্দিৰত সংঘটিত হ’ল চাঞ্চল্যকৰ চুৰি কাণ্ডৰ ঘটনা। দৰঙৰ সংবাদদাতা আহাজুদ্দীন আহমেদে প্ৰেৰণ কৰা বাতৰি অনুসৰি পুৱতি নিশা ২.২৮ বজাত দুজনকৈ চোৰে মন্দিৰটোত চলাই লুট-পাত। মন্দিৰৰ ভিতৰত থকা মা কালিৰ প্ৰতিমাৰ পৰা সোণ আৰু ৰূপৰ আ অলঙ্কাৰ লুটি নিয়ে চোৰে৷ চুৰি কাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হয় CCTV কেমেৰাত । মন্দিৰত চুৰিকাণ্ডৰ খবৰ পোৱা মাত্ৰেই ঘটনাস্থলীত উপস্থিত হয় খাৰুপেটীয়া আৰক্ষী৷ সঠিক তদন্ত কৰি চোৰৰ দলটোক চিনাক্ত কৰি উপযুক্ত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে মন্দিৰ পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজে । শ্মশান কালি মন্দিৰত চুৰি কাণ্ডৰ ঘটনাক লৈ নগৰবাসীৰ মাজতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। আৰক্ষীৰ নৈশ পহৰাৰ মাজতে কিদৰে সংঘটিত হ’ব পাৰে এটাৰ পিছত আনটো চুৰিকাণ্ডৰ ঘটনা? তাকে লৈ উদ্ৰেক ঘটিছে বিবিধ প্ৰশ্নৰ৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme