1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 2:03 pm

খাবলৈ হে ভাল বন্ধাকবি, পিছে বন্ধাকবিৰ বাবেই আপোনাৰ হ’ব পাৰে এইবিধ মাৰাত্মক ৰোগ

  • Update Time : Thursday, November 30, 2023

শীতকালৰ বিভিন্নধৰণৰ শাক-পাচলিৰে ভৰি পৰে বজাৰসমূহ। তাৰ মাজতে সহজলভ্য হোৱা এবিধ পাচলি হৈছে পাত কবি বা বন্ধাকবি। কিন্তু এই বন্ধাকবি সন্দৰ্ভত পোহৰলৈ আহিছে কিছু উদ্বেগজনক তথ্য। বিশেষজ্ঞৰ মতে এই পাচলি বিধৰ ভিতৰত সোমাই থাকে চকুৰে মনিব নোৱাৰা কিছু পোক, যি পোকে ক্ষতি কৰিব পাৰে আপোনাৰ মগজু। মগজুত পোকৰ দ্বাৰা সৃষ্টি হোৱা অৱস্থাটোক চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা নিউৰ’চিষ্টিচাৰ্ক’ছিছ বুলি কোৱা হয়। তথ্যৰ পৰা গম পোৱা গৈছে যে বন্ধাকবি ভালদৰে সিজাই গ্ৰহন নকৰিলে ইয়াত থকা টেপৱৰ্ম (পোক) শৰীৰত প্ৰৱেশ কৰে। এই পোকবিধে খাদ্যৰ সৈতে পাকস্থলীত প্ৰৱেশ কৰি অন্ত ক্ৰিয়াৰ সহায়ত মগজুত প্ৰৱেশ কৰে। টেপৱৰ্ম এবিধ চেপেতা পৰজীৱি কৃমি, যিয়ে জীৱ-জন্তু আৰু মানুহক সংক্ৰমিত কৰে। এই পোকবিধে জীৱৰ শৰীৰত বাস কৰে আৰু আমি খোৱা পুষ্টিকৰ উপাদান গ্ৰহন কৰে।
মগজুৰ টেপৱৰ্ম ৰোগ কি জানো আহক
চণ্ডীগড়ৰ পিজিআইৰ ডি এম পেডিয়াট্ৰিক নিউৰ’লজিষ্ট ডাঃ সুমিত ধাৱনে কয় যে,’মগজুৰ কৃমি অৰ্থাৎ নিউৰ’চিষ্টিচাৰ্ক’ছিছ এটা অতি সাধাৰণ সমস্যা।’ বন্ধাকবিৰ খেতি পলসুৱা ভূমিত কৰা হয় বাবে বিভিন্ন ধৰণৰ জীৱ-জন্তুৱে তাত মল-মুত্ৰ ত্যাগ কৰে যত টেপৱাৰ্ম নামৰ এবিধ বীজানুই কণী পাৰে৷ তেতিয়া টেপৱৰ্ম বা কণী বন্ধাকবিৰ ওপৰত থাকি যায়।যদি খোৱাৰ পূৰ্বে সেইবোৰ ভালদৰে পৰিষ্কাৰ কৰা নহয়, তেন্তে এই কণীবোৰ পেটত সোমাই তাৰ পৰাই সমগ্ৰ শৰীৰটোক সংক্ৰমিত কৰে। কেৱল বন্ধাকবিৰ জৰিয়তে এই ৰোগৰ সংক্ৰমণ নহয়৷ ডাঃ সুমিতে কয়, ‘কবি ইয়াৰ মূল উৎস যদিও পলসুৱা কৃষি ভূমিত হোৱা যিকোনো ফল-মূলে এই সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেই বাবে শাক পাচলি সদায় ভালদৰে ধুই ৰান্ধিব লাগে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme