বিভিন্নধৰণৰ খাদ্য গ্ৰহণৰ ফলত সচৰাচৰ আমাৰ পেটৰ সমস্যা হয়, বিশেষকৈ গৰমৰ দিনত শিশুসকলে পেটৰ সমস্যাত ভূগা দেখিব পোৱা যায়। যিমান পাৰি আমি সকলোৱে বাহিৰৰ খাদ্য এৰাই চলিব লাগে। কিন্তু আমি নিজৰ খাদ্য তালিকাত কিছুমান এনে খাদ্য অন্তৰ্ভূ্ক্ত কৰিব লাগে যিটো পৰা আমাৰ পেটৰ সমস্যা দূৰ হয়। গুৱামুৰি, জিৰা জল স্বাস্থ্যৰ বাবে উপকাৰী। কাৰণ ই উত্তেজক আৰু ঔষধী গুণেৰে সমৃদ্ধ, যিয়ে আপোনাৰ শৰীৰৰ বাবে উপকাৰী হ’ব পাৰে। সেয়ে প্ৰতিদিনে পুৱা খালী পেটত এই পানী খোৱা উচিত। জিৰা, গুৱামুৰি আৰু পানী খালে বহু উপকাৰ হোৱা দেখা পোৱা যায়। নিতৌ এয়া গ্ৰহণ কৰিলে হজমশক্তি ভাল হয় লগতে ওজনো হ্ৰাস হয়। শৰীৰক হাইড্ৰেটেড কৰি ৰখাৰ লগতে শৰীৰ ডিটক্সিফাই কৰে। গৰ্ভৱতী মহিলাসকলে যদি এই পানী খায় তেন্তে তেওঁলোকৰ গাখীৰৰ উৎপাদন বৃদ্ধি হয়।