খঙত হিতাহিত জ্ঞান হেৰুৱাই মানুহে কেতিয়াবা নকৰিবলগীয়া কাম কৰে৷ পিছে পিছত অনুশোচনাত দগ্ধ হয় তেতিয়া ভয়ংকৰ পৰিস্থিৰো সম্মুখীন হ’বলগীয়া হয়৷ সেয়ে যিমান পাৰে খঙৰ পৰা আঁতৰি থাকক৷ কেৱল মানসিকভাৱেই নহয়, শাৰীৰিকভাৱেও খং দমন কৰিব পৰাটো মংগলজনক৷ মনত ৰাখিব আপোনাৰ খঙৰ বাবে আন কাৰোবাৰ অনিষ্ট হ’ব পাৰে আৰু কাৰোবাৰ অনিষ্ট কৰাৰ অধিকাৰ আপোনাৰ নাই৷ গতিকে খঙত একো সিদ্ধান্ত গ্ৰহণ নকৰিব আনহাতে, কোনো কথা বেয়াকৈ নকব৷ কাৰণ আপোনাৰ কথাই কাৰোবাক মানসিকভাৱে ইমান কষ্ট দিব পাৰে যে তেওঁ কেতিয়াবা যিকোনো কাম কৰিব পাৰে৷ গতিকে খং উঠিলে নিজক কন্ট্ৰল কৰক৷ কিদৰে খং কন্ট্ৰল কৰিব জানি লওঁক,
. খং কমাবলৈ ধ্যান কৰক। ধ্যান কৰিলে মনটোৱে শান্তি পায় , এইদৰে ধ্যান কৰিলে ক্ৰোধ নিয়ন্ত্ৰণ কৰিবলৈ শিকিব পাৰি৷
. খোজ কাঢ়িলেও খং কমাব পাৰি। খং উঠিলে খোজ কাঢ়ি নিজৰ মনটোক শান্ত কৰি খং নিয়ন্ত্ৰণ কৰক।
. আপোনাৰ মন পছন্দৰ গীত শুনি খং কমাবলৈ চেষ্টা কৰক৷
. খং নিয়ন্ত্ৰণ কৰাৰ এটা ভাল উপায় হ’ল নিজকে কিছু সময় শান্ত কৰি ৰখা আৰু কথা কোৱাৰ আগতে অলপ চিন্তা কৰা, পাৰিলে সেই সময়ত অকলশৰে থাকক৷
. খং উঠি থাকিলে দীঘলকৈ উশাহ লওঁক. চাব যাকতে আপোনাৰ খঙৰ বাবে কাৰো একো অনিষ্ট নহয়৷