1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
June 15, 2025, 4:05 pm

কৰ্ণাটক আৰক্ষীয়ে গোচৰ ৰুজু কৰিলে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু DNA ইভেণ্ট মেনেজমেণ্ট কোম্পানী আৰু কৰ্ণাটক ক্ৰিকেট এছ’চিয়েশ্যনৰ বিৰুদ্ধে

  • Update Time : Thursday, June 5, 2025

বাংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত সংঘটিত হোৱা পদপিষ্ট গোচৰৰ তদন্তৰ আওতালৈ আহিছে ৰয়েল চেলেঞ্জাৰ বাংগালুৰু (আৰ চি বি)ৰ মেনেজমেণ্ট। এই ঘটনাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰচিবিৰ পৰিচালনা সমিতিয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্ট দিছিল, যাৰ তদন্ত এতিয়া কৰা হ’ব। এই ঘটনাত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪৭ জন লোক আহত হৈছে।

তদন্তত কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থাৰ জ্যেষ্ঠ সদস্যও জড়িত থাকিব। সম্বৰ্ধনা অনুষ্ঠানৰ পৰিকল্পনাত তেওঁলোকৰ ভূমিকা এতিয়া বেংগালুৰু আৰক্ষী আৰু দণ্ডাধীশৰ তদন্ত পেনেলে পৰ্যালোচনা কৰি আছে। ৪ জুনত বিয়লি ৩:১৪ বজাত আৰ চি বিৰ অফিচিয়েল একাউণ্টে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (পূৰ্বৰ টুইটাৰ)ত পোষ্ট কৰি বিধান সৌধাৰ পৰা চিন্নাস্বামী ষ্টেডিয়ামলৈ বিয়লি ৫ বজাত বিজয় পেৰেড আৰম্ভ হোৱাটো নিশ্চিত কৰে। ষ্টেডিয়ামৰ ভিতৰতে সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ’ব বুলিও কোৱা হৈছিল। পোষ্টটোত বিনামূলীয়া পাছৰ লিংক সন্নিবিষ্ট কৰা হৈছিল আৰু অনুৰাগীসকলক আৰক্ষীৰ নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ জনোৱা হৈছিল।

ইতিমধ্যেই কৰ্ণাটক আৰক্ষীয়ে বৃহস্পতিবাৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি), ডি এন এ ইভেণ্ট মেনেজমেণ্ট কোম্পানী আৰু কৰ্ণাটক ক্ৰিকেট এছ’চিয়েশ্যনৰ বিৰুদ্ধে এই পদপিষ্ট গোচৰত এফ আই আৰ ৰুজু কৰে। বিজয় পেৰেডৰ সময়ত অপৰাধমূলক গাফিলতিৰ অভিযোগ উত্থাপন হৈছে। এফ আই আৰত উল্লেখ কৰা হৈছে যে দায়িত্বশীল সংস্থাসমূহৰ বিশৃংখলতা আৰু গাফিলতিৰ বাবেই এই ঘটনা সৃষ্টি হৈছিল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme