1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 1:44 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

কৰ’নাত আক্ৰান্ত BCCI-ৰ সভাপতি সৌৰভ গাংগুলী…

  • Update Time : Tuesday, December 28, 2021

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট বৰ্ডৰ সভাপতি সৌৰভ গাংগুলী আক্ৰান্ত হৈছে কৰ’নাত। কৰ’নাৰ উপস্থিতি ধৰা পৰাৰ পিছতেই গাংগুলীক আলিপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁৰ পৰা সংক্ৰমণৰ হাৰ ১৯.৫ শতাংশ বুলি চিকিৎসকে প্ৰকাশ কৰিছে।

বিগত দেওবাৰৰ পৰা গাংগুলীৰ চৰ্দী-জ্বৰত আক্ৰান্ত হৈ আছিল। তেওঁৰ ব্যক্তিগত চিকিৎসক ডাঃ সপ্তৰ্ষী বসুৱে গাংগুলীক কৰ’না পৰীক্ষাৰ পৰামৰ্শ দিয়ে। ডাঃ সপ্তৰ্ষীৰ পৰামৰ্শৰ পিছতেই পৰীক্ষা কৰাত কভিড পজিটিভ পোৱা গৈছে সৌৰভৰ শৰীৰত।

উল্লেখ্য যে ২০২১ বৰ্ষটোৱে সৌৰভক জুৰুলা কৰি তুলিছে। কিয়নো বছৰৰ আৰম্ভণিতে হৃদৰোগত আক্ৰান্ত হৈছিল সৌৰভ। তাৰ পিছতেই এতিয়া পুনৰ কভিডৰ সংক্ৰমণ। সৌৰভৰ অনুৰাগীসকলে খবৰটো লাভ কৰাৰ পিছতেই চিন্তিত হৈ পৰিছে যদিও চিন্তাৰ বিশেষ কাৰণ নাই তেওঁৰ শৰীৰত বৰ্তমান কোনো জটিলতা নাই বুলি প্ৰকাশ কৰিছে চিকিৎসকৰ দলে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme