1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 1:44 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

কৰ’ণাৰ পিছত এইবাৰ Parrot Fever …….

  • Update Time : Tuesday, March 12, 2024

কৰ’ণাৰ আতংক সম্পূৰ্ণৰূপে শেষ হোৱা নাই যদিও এইবাৰ ইউৰোপত বৃদ্ধি পাবলৈ ধৰিছে Parrot Fever ৰ প্ৰাদুৰ্ভাৱ। প্ৰাপ্ত খবৰ অনুসৰি ইউৰোপত Parrot Fever
ৰোগত আক্ৰান্ত হৈ ৫জন লোকৰ মৃত্যু হৈছে। Parrot Fever বা ভাটৌ জ্বৰক Psittacosis বা Chlamydia psittaci infection বুলিও কোৱা হয়।
Chlamydia psittaci বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমণ হয়। এই ৰোগ সাধাৰণতে পাৰ, ককটেইল, কপৌ চৰাইৰ ৰ পৰা মানুহৰ দেহলৈ বিয়পিব পাৰে। চিকিত্সকৰ মতে
যেতিয়া কোনো ব্যক্তি এই বেক্টেৰিয়াৰ সংস্পৰ্শলৈ আহে তেতিয়া জ্বৰ, ঠাণ্ডা, মূৰৰ বিষ, ভাগৰ ফ্লুৰ দৰে লক্ষণ দেখা দিব পাৰে। অধিক গুৰুত্বৰ ক্ষেত্ৰত ইয়াৰ ফলত নিউমোনিয়া,অনান্য শ্বাস-প্ৰশ্বাসজনিত সমস্যাও হব পাৰে।
স্বাস্থ্য বিশেষজ্ঞৰ মতে Chlamydia psittaci infection প্ৰধানকৈ চৰাইৰ দেহত পোৱা যায়। আক্ৰান্ত চৰাই বা ইহঁতৰ মল, পাখি বা শ্বাস-প্ৰশ্বাসৰ নিঃসৰণৰ
প্ৰত্যক্ষ সংস্পৰ্শৰ জৰিয়তে ই মানুহৰ দেহলৈ বিয়পিব পাৰে। Parrot Fever হোৱাৰ লক্ষণ বুলি কলে লক্ষ্য কৰিব যে জ্বৰ বা ঠাণ্ডা, মূৰৰ বিষ, মাজে মাজে ফোহা ওলোৱা, পেশীৰ বিষ, শুকান কাহ, বমি হোৱা, উশাহ লোৱাত কষ্ট পোৱা, নিউমোনিয়া ইত্যাদি হলে শীঘ্ৰে চিকিতসকৰ কাষ চাপিব লাগে।
Parrot Fever ৰ পৰা হাত সাৰিবলৈ তলত দিয়া কৰণীয়সমূহ পালন কৰক–
চৰাই থকা ঠাইডোখৰ পৰিষ্কাৰ কৰি ৰাখক।
চৰাই পালিলে মুখখন স্পৰ্শ কৰাৰ পৰা বিৰত থাকক।
চৰাইৰ পিঞ্জৰা চাফা কৰাৰ সময়ত গ্লভছ আৰু মাস্ক পৰিধান কৰক।
যদিহে আপুনি চৰাইৰ সংস্পৰ্শত কাম কৰে তেন্তে Parrot Fever ৰ লক্ষণ সমূহৰ প্ৰতি সজাগ হৈ থাকক।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme