1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 2:33 pm

ক্ষীণ হ’ব বিচাৰিছে নেকি?

  • Update Time : Thursday, February 29, 2024

শকত মানুহ সকলোৱে ক্ষীণ হ’ব বিচাৰে। কিন্তু ক্ষীণ হোৱা সহজ যেন লাগিলেও, ই সহজ একেবাৰে নহয়। সকলোৱে অতি সহজে চৰ্বি হ্ৰাস কৰিব বিচাৰে। কিন্তু ক্ষীণ হোৱাৰ কোনো সহজ উপায় নাই। এই ক্ষেত্ৰত খোৱা বোৱাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ক্ষীণ হবৰ বাবে কোন কেইবিধ খাদ্য খাব পাৰি জানে আহক-

মৌ- যিসকলে ওজন হ্ৰাস কৰিব বিচাৰে তেওঁলোকে বিশেষকৈ খালী পেটত এই পানীয় খাব পাৰে। প্ৰতিদিনে নিয়মীয়াকৈ এই পানীয় পান কৰিলে কেৱল শৰীৰৰ বিপাক
বৃদ্ধিয়ে নহয় ওজন হ্ৰাস কৰাটো সহায় কৰিব। মৌৱে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। মৌ আক্ৰমণৰ ফলত হৃদ আক্ৰমণৰ আশংকাও হ্ৰাস
হয়।
বাদাম- কেচাঁ কাঠ বাদামতকৈ তিয়াই থোৱা কাঠবাদাম সহজে হজম হয়। সেইবোৰ পেটত সহজে ভাঙি য়ায়। যদি আপুনি প্ৰতিদিনে ৰাতিপুৱা খালী পেটত ভিজা কাঠবাদাম
খায়, হৃদৰোগ, ডায়েবেটিচৰ দৰে বহুত সমস্যা দূৰত থাকিব।
আমলখি- বহুলোকে খালী পেটত নেমু পানী খায়। নেমুৱে ভিটামিন চি আৰু এন্টিঅক্সিডেন্টে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, চৰ্বি হ্ৰাস কৰে। কিন্তু আমলখিৰ পৰা অধিক
লাভালাভ লাভ কৰিব পাৰে। আমলখি এটা টুকুৰা টুকুৰ কৰি কাটি অলপ গৰম পানীত মিহলি কৰক। তাৰ পিছত ৰাতিপুৱা খালী পেটত এই পানী খাই আমলখিৰ
টুকুৰাবোৰ খাওঁক। যদি খালী পেটত আমলখি খাব পাৰে, আপোনাৰ চুলি আৰু ছাল সকলো ভাল হব।
জিৰা – যদি আপোনাৰ থাইৰয়ড সমস্যা আছে তেন্তে ৰাতি শুৱা আগত জিৰা এগিলাচ পানীত তিয়াই ৰাখিব। ৰাতিপুৱা শুই উঠি তিয়াই থোৱা জিৰা খিনি
খালী পেটত খাওঁক। ই ভোক হ্ৰাস কৰে, গেছ হবলৈ নিদিয়ে। যদি আপোনাৰ ওজন হ্ৰাস কৰাৰ ইচ্ছা তেন্তে আপুনি নিয়মীয়াকৈ কমেও তিনি
গ্ৰাম জিৰা খাব লাগিব। তিনি মাহৰ বাবে একেৰাহে জিৰা খালে আপুনি ওজন হ্ৰাস কৰিব পাৰিব।
অমিতা- অমিতাৰ কেলৰি অতি কম। গতিকে যিসকলে ওজন হ্ৰাস কৰিব বিচাৰে, তেওঁলোকে আমিতা খালে ভাল ফলাফল লাভ কৰিব।
খেজুৰ- ৰাতিটো পানীত খেজুৰ তিয়াই থওক। আৰু ৰাতিপুৱা খালী পেটত তিয়াই থোৱা খেজুৰ খাওঁক। দেখিব আপুনি যথেষ্ট ভাল ফলাফল লাভ কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme