1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 4:24 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

কোনে কেনেকৈ হেক কৰিছিল প্ৰধানমন্ত্ৰীৰ টুইটাৰ একাউন্ট… কি ক’লে টুইটাৰ কৰ্তৃপক্ষই?

  • Update Time : Sunday, December 12, 2021
The hackers posted one tweet and a scam link from the handle.

ডিজিটেল ডেস্কঃ ‘হেক হৈছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্ট।’ কোনে কেনেকৈ হেক কৰিলে প্ৰধানমন্ত্ৰীগৰাকীৰ একাউণ্টটো। পুৱাৰে পৰা সমগ্ৰতে চৰ্চা হৈ আছে এটাই কথা। অৱশেষত হেক হোৱা বিষয়টোক লৈ স্পষ্টীকৰণ দিছে টুইটাৰে। প্ৰকৃততে হেক হৈছিল নে প্ৰধানমন্ত্ৰীগৰাকীৰ একাউণ্টটো সেই কথাও জনালে টুইটাৰে।

১১ ডিচেম্বৰৰ মাজনিশা প্ৰধান মন্ত্ৰীগৰাকীৰ টুইটাৰ একাউণ্টৰ পৰা ভাৰতত ক্ৰিপ্টেকাৰেন্সি বৈধ হৈছে বুলি এটা টুইট কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে এই টুইটতো দেখাৰ পিছতেই কোনে তেওঁৰ একাউণ্টৰ পৰা এনেকুৱা টুইট কৰিছে বুলি টুইটাৰ কৰ্তৃপক্ষক অৱগত কৰে। টুইটাৰক প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰাৰ পিছতেই টুইটাৰে সমগ্ৰ ঘটনাটো পৰ্যবেক্ষণ কৰে আৰু কিছু সময় পিছতেই একাউণ্টটো নিজা নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়।

টুইটাৰে যদিও একাউন্টতো নিয়ন্ত্ৰণলৈ আনিলে তথাপিও কোনে প্ৰকৃততে হেক কৰিছিল প্ৰধানমন্ত্ৰীৰ একাউণ্ট সেই কথাহে স্পষ্ট হোৱা নাই। বৰ্তমানো সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে টুইটাৰে।

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme