1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:24 am

কোকৰাঝাৰত যৌন নিৰ্যাতনকাৰীক ১০ বছৰৰ কাৰাদণ্ড, পাঁচ হাজাৰ টকাৰ জৰিমনা

  • Update Time : Wednesday, June 15, 2022

ডিজিটেল ডেস্কঃ নিজৰ তোলনীয়া কন্যাক যৌন নিৰ্যাতনৰ অভিযোগত সুবিৰাম ৰায় নামৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে কোকৰাঝাৰৰ বিশেষ আদালতৰ জে.কোচৰ আদালতে বুধবাৰে দহ বছৰৰ কাৰাদণ্ডৰ ৰায়দান কৰাৰ লগতে পাঁচ হাজাৰ টকাৰ জৰিমনা বিহে। তদুপৰি জৰিমনা আদায় অবিহনে অতিৰিক্তভাৱে দুমাহৰ কাৰাদণ্ড ভৰিব লাগিব বুলি আদালতে নিৰ্দেশ প্ৰদান কৰিছে।

উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ এটা অতি দুখীয়া পৰিয়ালৰ এগৰাকী নাবালিকাক বৰ্ষণগাঁওৰ সুবিৰাম ৰায়ে নিজৰ তোলনীয়া কন্যা হিচাপে গ্ৰহন কৰিছিল। ২০১৮ চনৰ ৪ জুনত যেতিয়া নাবালিকা ছোৱালীজনীক তেওঁৰ মাতৃয়ে স্বগৃহলৈ কেইদিনমানৰ বাবে লৈ আহে তেতিয়াই নাবালিকা ছোৱালীজনীয়ে তাইৰ মাতৃক সুবিৰাম ৰায়ে তেওঁক যৌন নিৰ্যাতন চলায় বুলি অভিযোগ কৰে। ইয়াতেই হতভম্ব হৈ পৰিয়ালৰ লোকে ২০১৮ চনৰ ২১ জুনত বিষয়টো আৰক্ষীক অবগত কৰে আৰু আৰক্ষীয়ে পকচো আইনৰ অধীনত এক গোচৰ (নং ২৯৫/১৮) ৰজু কৰে।

সুবিৰাম ৰায় আৰু তেওঁৰ পত্নী ববিতা ৰায়ৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰজু কৰি অনুসন্ধান কৰি চাৰ্জচিট প্ৰদান কৰে। আদালতে সকলো বিষয়বস্তু চালি -জাৰি চাই চাৰিবছৰৰ মুৰত সুবিৰাম ৰায়ৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰাৰ লগতে ববিতা ৰায়ক দোষমুক্ত বুলি ঘোষণা কৰে। আদালতে সুবিৰাম ৰায়ক দহ বছৰৰ কাৰাদণ্ডৰে শাস্তিৰ ৰায়দান ঘোষণা কৰাৰ লগতে পাঁচ হাজাৰ টকাৰ জৰিমনা বিহিছে । জৰিমনা আদায় অবিহনে সুবিৰামে অতিৰিক্তভাৱে দুমাহৰ কাৰাদণ্ড ভৰিব লাগিব বুলি আদালতে নিৰ্দেশ প্ৰদান কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme