1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 7:54 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

কোকৰাঝাৰত নৃশংস হত্যাকাণ্ড! টকাৰ লোভত হত্যা এগৰাকী শিক্ষকক…

  • Update Time : Tuesday, March 29, 2022

ডিজিটেল ডেস্কঃ কোকৰাঝাৰ জিলাৰ দোতমা শিক্ষাখণ্ডৰ অন্তৰ্গত ৯১৮ নং কুমগুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ‘‘বেৰ্লাও বাৰ্থাও ব্ৰহ্মক’’ ৯ মাৰ্চ তাৰিখে অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে অতি নৃশংসভাৱে হত্যা কৰাৰ পিছত কোকৰাঝাৰ আৰক্ষীয়ে ঘটনা সংক্ৰান্তত ৬ জন দুৰ্ষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লক্ষণীয়ভাৱে ইয়াৰ দুজন অভিযুক্ত প্ৰাক্তন এনডিএফবিৰ সদস্য বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। আৰক্ষীৰ গ্ৰেপ্তাৰ কৰা দুৰ্ষ্কৃতিকাৰীকেইটা হ’ল অভিজিৎ সেন, অসীম পণ্ডিত , গৌৰৱ সৰকাৰ, জাংখ্ৰীখান নাৰ্জাৰী ওৰফে জনেশ, প্ৰেমজিৎ বসুমতাৰী আৰু বিনয় ব্ৰহ্ম। আনহাতে ঘটনাৰ অন্যতম অভিযুক্ত প্ৰবাল দৈমাৰী সম্প্ৰতি পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। অভিযুক্তৰ ভিতৰত প্ৰবাল দৈমাৰী আৰু জাংখ্ৰীখান নাৰ্জাৰী ওৰফে জনেশ প্ৰাক্তন এনডিএফবিৰ সদস্য।

শিক্ষক হত্যাকৰা ঘটনাৰ পিছতে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেৰ নিৰ্দেশনাত কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে অতি কম সময়ৰ ভিতৰতে সাতজন অভিযুক্তক চিনাক্ত কৰি আটক কৰিবলৈ সক্ষম হয়। অৱশ্যে অভিযুক্ত প্ৰবাল দৈমাৰী নামৰ প্ৰাক্তন এনডিএফবিৰ সদস্যজন সম্প্ৰতি পলাতক অৱস্থাত আছে। জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেই সদৰি কৰা অনুসৰি অতি শীঘ্ৰেই পলাতক অভিযুক্ত প্ৰবাল দৈমাৰীক আটক কৰা হ’ব আৰু যথাসম্ভৱ কম সময়ৰ ভিতৰতে চাৰ্জচিট দাখিল কৰা হব।

কিয় হত্যা কৰিছিল শিক্ষকগৰাকীক ?

কোকৰাঝাৰ জিলাৰ দোতমা শিক্ষাখণ্ডৰ অন্তৰ্গত ৯১৮ নং কুমগুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বেৰ্লাও বাৰ্থাও ব্ৰহ্মক অতি নৃশংসভাৱে হত্যা কৰাৰ আঁৰৰ কাৰণ সম্পূৰ্ণৰূপে বাহিৰ কৰিছে আৰক্ষীয়ে। একমাত্ৰ টকাৰ লোভত পৰিয়ে দুৰ্ষ্কৃতিকাৰীৰ দলটোৱে শিক্ষকগৰাকীক হত্যা কৰে। আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা অনুসৰি অভিযুক্ত প্ৰবাল দৈমাৰী, জাংখ্ৰীখান নাৰ্জাৰী ওৰফে জনেশ, আৰু বিনয় ব্ৰহ্মই শিক্ষকগৰাকীৰ তিনকোনা বাসভৱনৰ পৰাই ৯ মাৰ্চত অপহৰণ কৰে। শিক্ষকগৰাকীৰ বাসভৱনতে দুৰ্ষ্কৃতিকাৰীৰ দলটোৱে ভাবুকিৰে বেংকৰ চেক বহী হস্তগত কৰে আৰু দুটা চেকবহীৰ পাতত চহী কৰি লয়। তাৰপিছত দুৰ্ষ্কৃতিকাৰীৰ দলটোৱে ৯ মাৰ্চৰ নিশাই শিক্ষকগৰাকীক হত্যা কৰে আৰু ১০ মাৰ্চৰ ৰাতিপুৱা কোকৰাঝাৰ ষ্টেট বেংক অব ইণ্ডিয়াৰ কৰ্টপাৰা শাখাৰ পৰা পাঁচলাখ টকা চেকযোগে উলিয়ায়। আৰক্ষীয়ে সমগ্ৰ ঘটনা ক্ষিপ্ৰতাৰে তদন্ত কৰি বেংকৰ চিচি টিভি ফুটেজত বন্দী হোৱা চাৰি দুৰ্ষ্কৃতিকাৰী ক্ৰমে অভিজিৎ সেন, জাংখ্ৰীখান নাৰ্জাৰী ওৰফে জনেশক, প্ৰবাল দৈমাৰী আৰু বিনয় ব্ৰহ্মক চিনাক্ত কৰিবলৈ সক্ষম হয় আৰু সেইমতে প্ৰবাল দৈমাৰীৰ বাহিৰে আন তিনিজনক গ্ৰেপ্তাৰ কৰে আৰু গৌৰৱ সৰকাৰ আৰু প্ৰেমজিৎ বসুমতাৰীকো গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে পলাতক প্ৰবাল দৈমাৰীৰ ঘৰৰ পৰা এক লাখ পঞ্চাছ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হৈছে। অকল টকাৰ লোভতে ঘৰৰ পৰা অপহৰণ কৰি নি কৃতী শিক্ষক বেৰ্লাও বাৰ্থাও ব্ৰহ্মক নৃশংসভাৱে হত্যা কৰি মাগুৰমাৰীৰ নিকটৰ চেচাপানীৰ শালবাগানক মৃতদেহ পেলাই থোৱাৰ ঘটনা সম্প্ৰতি পোহৰলৈ অহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে শিক্ষকগৰাকীক হাত ভৰি বন্ধা, মূৰৰ পিছফালে ঘপিয়াই আৰু গুপ্তাংগত আঘাত কৰি দুৰ্ষ্কৃতিকাৰীয়ে অতি নৃশংসভাৱে হত্যা কৰে।

আনহাতে জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেই সদৰি কৰা অনুসৰি কোকৰাঝাৰ সদৰ থানাত ৰজু হোৱা গোচৰ নং ১২৩/২০০২ মৰ্মে অভিযুক্ত ছগৰাকীক গ্ৰেপ্তাৰ কৰা হয় আৰু আন পলাতক অৱস্থাত থকা অভিযুক্ত অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হব বুলি দাবী কৰে

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme