1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 1:24 pm
Trending:
ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল!

কেৰিয়াৰৰ দ্বিতীয়খন মেচতে দুৰ্দান্ত প্ৰদৰ্শন, আজুৰিলে মেন অৱ দ্য মেচৰ খিতাপ

  • Update Time : Tuesday, February 27, 2024

কেৰিয়াৰ দ্বিতীয়খন মেচতে মেন অৱ দ্য মেচৰ খিতাপ জয়ী কৰি সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিল যুৱক্ৰিকেটাৰ ধ্ৰুৱ জুৰেল। শেহতীয়াকৈ ৰাঞ্চীত অনুষ্ঠিত হোৱা ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ চতুৰ্থখন টেষ্ট ছিৰিজত বিজয়ৰ মুকুট পিন্ধবলৈ সক্ষম হৈছে ভাৰতীয় ক্ৰিকেট দলটিয়ে। চতুৰ্থখন টেষ্ট ছিৰিজত নিজৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে ইংলেণ্ডক ধূলিসাৎ কৰি পেলাইছিল যুৱ ক্ৰিকেটাৰ ধ্ৰুৱ জুৰেলে। প্ৰথম ইনিংছত ধ্ৰুৱ জুৰেলে যদি ৯০ ৰান সংগ্ৰহ নকৰিলে হয়, তেতিয়া হ’লে হয়তো ভাৰতে বিজয়ৰ মুখ নেদেখিলে হয়। আনহাতে দ্বিতীয় ইনিংছতো দলটোক জয়ী কৰিহে তেওঁ খেলপথাৰ এৰি থৈ যায়। সেইবাবেই জুৰেলক মেন অৱ দ্য মেচ হিচাপে ঘোষণা কৰা হৈছে। জুৰেলে ৯০ ৰানৰ পথত লৱাৰ অৰ্ডাৰৰ বেটছমেনৰ সৈতে যুটি বান্ধে। সেই কাৰণে তেওঁ কেৱল নিজৰেই নহয়, আনকো সমান কৃতিত্ব দিছে। দ্বিতীয় ইনিংছতো ভাৰতে ১২০ ৰানত ৫ উইকেট হেৰুৱাই গভীৰ চাপত পৰিছিল, যাৰ বাবে দলটোক জয়ী হ’বলৈ প্ৰয়োজন হৈছিল ৭২ ৰানৰ। জুৰেলে শুভমন গিলৰ সৈতে সেয়া অতিক্ৰম কৰিলে। ধ্ৰুৱ জুৰেলক দেখিলে এনেকুৱা নালাগে যে তেওঁৰ কেৰিয়াৰৰ এইখন দ্বিতীয় টেষ্ট মেচ আছিল য’ত তেওঁৰ নিজৰ সাৱলীল প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme