1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 12:27 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

কেদাৰনাথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

  • Update Time : Friday, November 5, 2021

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ কেদাৰনাথ মন্দিৰৰ চৌহদত আদি শংকৰাচাৰ্যৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। ২০১৩ চনৰ উত্তৰাখণ্ডৰ বানপানীত ধ্বংস হোৱাৰ পিছত আদি শংকৰাচাৰ্যৰ সমাধি পুনৰ নিৰ্মাণ কৰা হৈছে।উদ্বোধনৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে মন্দিৰত ‘আৰতি’ কৰে। প্ৰাৰ্থনা সম্পন্ন কৰি কেদাৰনাথ মন্দিৰ পৰিক্ৰমা কৰে প্ৰধানমন্ত্ৰীজনে।

মন্দাকিনী নদীৰ পাৰত অৱস্থিত ‘চাৰ ধাম যাত্ৰা’ বুলি কোৱা চাৰিটা প্ৰাচীন তীৰ্থস্থানৰ ভিতৰত যমুনোত্ৰী, গঙ্গোত্ৰী আৰু বদ্ৰীনাথ আৰু কেদাৰনাথ। জগত গুৰু আদি শংকৰাচাৰ্যৰ দ্বাৰা অষ্টম শতিকাত নিৰ্মিত, কেদাৰনাথ মন্দিৰ ভগৱান শিৱৰ নামত উৎসৰ্গিত। প্ৰধানমন্ত্ৰী মোদীয়ে ১৩০ কোটি টকাৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰে কেদাৰনাথত, যাৰ ভিতৰত আছে সৰস্বতী ৰিটেইনিং ৱাল আস্থাপথ আৰু ঘাট, মন্দাকিনী ৰিটেইনিং ৱাল আস্থাপথ, তীৰ্থ পুৰোহিত হাউচ আৰু মন্দাকিনী নদীৰ গৰুড় চাট্টি দলং। ইয়াৰ ওপৰিও তেওঁ
অন্য একাধিক প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে মন্দিৰ ভ্ৰমণৰ সময়ত এখন ৰাজহুৱা সভাও সম্বোধন কৰে। তেওঁৰ ভ্ৰমণ ৰাজ্যখনৰ ২০২২ চনৰ বিধানসভা নিৰ্বাচনৰ বাবেই বুলি একাংশই চৰ্চা কৰাও পৰিলক্ষিত হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme